গুৱাহাটীৰ পৰা যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ অনা হ’ব বিশেষজ্ঞ চিকিৎসক- স্বাস্থ্যমন্ত্ৰী যোৰহাট, 4 জানুৱাৰী :বুধবাৰে গোলাঘাট জিলাৰ দেৰগাঁৱৰ বালিজানত সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাত আহতসকলৰ স্বাস্থ্যৰ বুজ লয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। বৃহস্পতিবাৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰত্যেকজন লোকৰ ওচৰলৈ গৈ তেওঁলোকৰ অভিভাৱকসকলৰ লগতে চিকিৎসকসকলৰ সৈতে আলোচনাত মিলিত হয় ।
মন্ত্ৰী কেশৱ মহন্তই কয় যে, JMCH ত যি সমস্যা আছে এই সমস্যা শীঘ্ৰে সমাধান কৰা হ’ব ৷ এতিয়াৰ পৰা যাতে যোৰহাট চিকিৎসা মহাবিদ্যালয়তে সকলো সা সুবিধা লাভ কৰিব পাৰে তাৰ বাবে গুৱাহাটীৰ পৰা এজন বিশেষজ্ঞ চিকিৎসক আহিব বুলি আশ্বাস দিয়ে মন্ত্ৰী কেশৱ মহন্তই ৷ ডাঃ বসন্ত বৈশ্য নামৰ এজন বিশেষজ্ঞ চিকিৎসকৰ নেতৃত্বত আঘাতপ্ৰাপ্ত সকলক চিকিৎসা প্ৰদান কৰা হ'ব বুলি মত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷
উল্লেখ্য যে, যোৰহাট চিকিৎসা মহাবিদ্যালয়ত 24 জন ৰোগী বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু ইয়াৰে চাৰিজন ICU ত চিকিৎসাধীন হৈ আছে ৷ ইয়াৰে এজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে । আনহাতে যোৰহাট চিকিৎসা মহাবিদ্যালয় পৰাৰ উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা ৰোগীসকলৰ লগত যোৱা অভিভাৱকসকলৰ থকা খোৱা লগতে অন্যান্য সা-সুবিধা সকলো বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে অসম চৰকাৰৰ ফালৰ পৰা । গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ থকা দুগৰাকী ৰোগী বৰ্তমান সুস্থ বুলি হাস্পতাল কৰ্তৃপক্ষই জানিবলৈ দিছে ৷
ইতিমধ্যে আহত দুজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷ 5 জানুৱাৰীৰ নিশালৈ অন্য 4 গৰাকীক ঘৰলৈ যাবলৈ দিব পাৰিব বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে ৷
লগতে পঢ়ক:দেৰগাঁও পথ দুৰ্ঘটনা : সংকটমুক্ত নহয় GMCH ত ভৰ্তি 4 গৰাকী