অসম

assam

ETV Bharat / state

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা - ETV BHARAT

বিষাক্ত সুৰা পান কৰি মৃত্যু হোৱা ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা স্বাস্থ্যমন্ত্ৰীৰ

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

By

Published : Feb 23, 2019, 11:15 PM IST

যোৰহাট, ২৩ ফেব্ৰুৱাৰীঃ শনিবাৰে পুৱাই যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা । বৃহস্পতিবাৰে গোলাঘাটৰ শালমৰা চাহ বাগিচাত বিষাক্ত সুৰাপান কৰি মৃত্যু হোৱা সমগ্র ঘটনাৰ বুজ লোৱাৰ লগতে চিকিৎসাধীন হৈ থকা ৰোগীসকলৰ স্বাস্থ্যৰ খবৰ লয় স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে । সমগ্ৰ ঘটনাটো এক উচ্চ পৰ্যায়ৰ তদন্ত হ'ব বুলি ঘোষণা কৰাৰ লগতে এই ঘটনাত আক্রান্ত সকলো ৰোগীৰ বাবে ঔষধ আৰু আহাৰ বিনামূলীয়াকৈ যোগান ধৰা হ'ব বুলি উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

উল্লেখ্য যে, যোৰহাট আৰু গোলাঘাট দুয়োখন জিলাৰে চিকিৎসাধীন হৈ আছে প্ৰায় ২০০ৰো অধিক লোক । যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃতকৰ সংখ্যা ৩৪জনলৈ বৃদ্ধি পোৱাৰ লগতে সৰ্বমুঠ মৃত্যু হোৱা লোকৰ সংখ্যা ১২৪জনলৈ বৃদ্ধি । চিকিৎসাধীন লোকৰ ভিতৰত বহু কেইজনৰে অৱস্থা অতি সংকট জনক হোৱাৰ বাবে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰে বিভাগীয় কৰ্তৃপক্ষই । যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ১০ জনৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি তথ্য প্ৰকাশ কৰে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই ।

ABOUT THE AUTHOR

...view details