অসম

assam

ETV Bharat / state

টীয়কত নেমকেয়াৰৰ চিকিৎসকৰ বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান - টীয়ক যোৰহাট

টীয়কৰ অন্তৰ্গত জাঁজীমুখৰ বেজৰচিগা অঞ্চলত কোভিড মহামাৰীৰ সময়ত কৰ্মব্যস্ততাৰ মাজতে ৰাইজক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে ঔষধো বিতৰণ কৰে চিকিৎসকগৰাকীয়ে ।

Teok
টীয়ক

By

Published : Sep 13, 2020, 9:02 PM IST

টীয়ক, 13 ছেপ্টেম্বৰঃ দৈনিক কৰ'ণা আক্ৰান্ত ৰোগীৰ বৰ্ধিত সংখ্যা আকাশলংঘী হৈছে। ফলশ্ৰুতিত সাধাৰণ ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ক্ৰমাৎ অপাৰগ হৈছে চিকিৎসালয়সমূহ । সেই সময়তে ৰাইজৰ সহায়ৰ অৰ্থে আগুৱাই আহিছে গুৱাহাটীৰ নেমকেয়াৰ চিকিৎসালয়ৰ এগৰাকী চিকিৎসক ৷ দেওবাৰে টীয়কৰ বামুণপুখুৰী গোহাঁই গাঁৱত উপস্থিত হয় গুৱাহাটীৰ নেমকেয়াৰ চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক তথা কৰ্কট ৰোগ বিশেষজ্ঞ ডা: যদুনাথ বুঢ়াগোহাঁই ৷

লগতে পঢ়কঃবৰাকত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণা ৰোগীৰ মৃত্যুৰ সংখ্যা

টীয়কৰ অন্তৰ্গত জাঁজীমুখৰ বেজৰচিগা অঞ্চলত কোভিড মহামাৰীৰ সময়ত কৰ্ম ব্যস্ততাৰ মাজতে ৰাইজক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে ঔষধো বিতৰণ কৰে চিকিৎসকগৰাকীয়ে । টীয়ক কলিয়াপানী মণ্ডল বিজেপিৰ সহযোগত তথা অৰ্ণদা ছোচিঅ'ইকনমিক হেলথ এছোচিয়েছনৰ উদ্যোগত অঞ্চলটোৰ প্ৰায় দেৰ শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰি প্ৰয়োজনীয় ঔষধ পাতিৰ যোগান ধৰে টীয়কৰ সুযোগ্য সন্তান ডা: যদুনাথ বুঢ়াগোহাঁয়ে ।

টীয়কত নেমকেয়াৰৰ চিকিৎসকৰ বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান

উক্ত বিনামূলীয়া শিবিৰত কোভিড ৰোধৰ বাবে চৰকাৰে বান্ধি দিয়া সকলো নিৰ্দেশনা অৱলম্বন কৰা হয় ৷ লগতে প্ৰতিগৰাকী ৰোগীক ঔষধ যোগান ধৰাৰ লগতে শিবিৰৰ প্ৰৱেশ দুৱাৰত এটাকৈ ছেনিটাইছাৰ, এখনকৈ মাস্ক আৰু কোভিড সম্বন্ধে সজাগতাৰ বাবে একোখনকৈ লিফলেট বিতৰণ কৰা হয় । এই ক্ষেত্ৰত গুৱাহাটীৰ বিশিষ্ট চিকিৎসক ডা:জোনামণি বুঢ়াগোহাঁই, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডা:সন্তোষ চাহুকে প্ৰমুখ্য কৰি কেবাগৰাকীও চিকিৎসাকৰ্মীয়ে সহযোগিতা আগবঢ়াই ।মহামাৰীৰ এই ভয়ংকৰ সংক্ৰামণৰ সময়তো চিকিৎসকগৰাকীৰ এই মহান সেৱাই এতিয়া সকলোৰে বাবে আদৰ্শ হৈ পৰিছে ।

লগতে পঢ়কঃআছুৰ পৰা আনুষ্ঠানিকভাবে বিদায় ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকনৰ

ABOUT THE AUTHOR

...view details