যোৰহাট, 18 মে': যোৰহাট পৌৰসভাৰ কাৰ্যবাহী বিষয়াৰ হঠকাৰী সিদ্ধান্তকলৈ যোৰহাট পৌৰসভাৰ অন্তৰ্গত উন্নয়ন চুপাৰ মাৰ্কেটত উত্তপ্ত পৰিস্থিতি ৷ যোৰহাট পৌৰসভাত নতুনকৈ যোগদান কৰা কাৰ্যবাহী বিষয়া আদিত্য বিক্ৰম যাদৱে যোৰহাট চুপাৰ মাৰ্কেটৰ থলুৱা ব্যৱসায়ীৰ 180 খন দোকান খালি কৰাৰ নিৰ্দেশ দিয়াৰ লগে লগেই সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতি ৷ অৱশেষত ব্যৱসায়ী সকলৰ ব্যাপক প্ৰতিবাদৰ ওচকত সেও মানিলে পবেচনাৰী বিষয়া গৰাকীয়ে ৷
যোৰহাট পৌৰসভাৰ অন্তৰ্গত উন্নয়ন চুপাৰ মাৰ্কেটত উত্তপ্ত পৰিস্থিতি - Havoc situation in Jorhat super market amid lockdown
যোৰহাট পৌৰসভাত নতুনকৈ যোগদান কৰা কাৰ্যবাহী বিষয়া আদিত্য বিক্ৰম যাদৱে যোৰহাট চুপাৰ মাৰ্কেটৰ থলুৱা ব্যৱসায়ীৰ 180 খন দোকান খালি কৰাৰ নিৰ্দেশ দিয়াৰ লগে লগেই সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতি ৷
![যোৰহাট পৌৰসভাৰ অন্তৰ্গত উন্নয়ন চুপাৰ মাৰ্কেটত উত্তপ্ত পৰিস্থিতি Havoc situation in Jorhat super market amid lockdown](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7250541-thumbnail-3x2-p1.jpg)
উল্লেখ্য যে, লক ডাউনৰ বাবে প্ৰায় দুমাহ ধৰি অন্যান্য বজাৰ সমাৰৰ দৰে বন্ধ হৈ আছে যোৰহাট পৌৰসভাৰ অধীনস্থ উন্নয়ন চুপাৰ মাৰ্কেট ৷ ইয়াৰ মাজতে বিগত 15 মে' ত যোৰহাট পৌৰসভাৰ কাৰ্যবাহী বিষয়া হিচাপে নতুনকৈ যোগদান কৰা আদিত্য বিক্ৰম যাদৱ নামৰ আই এ এছ বিষয়া জনে পূৰ্বে কোনো আলোচনা নকৰাকৈ আৰু জাননী নিদিয়াকৈ 180 খন থলুৱা ব্যৱসায়ীৰ দোকান খালি কৰিবলৈ দোকানৰ বন্ধ ছাতাৰত জাননী ওলোমাই দিয়ে ৷ সোমবাৰৰ পৰা দোকান খুলিবলৈ আহি এই জাননী দেখি হতভম্ব হৈ পৰে ব্যৱসায়ী সকল ৷ লগে লগে তেওঁলোকে মাৰ্কেটৰ গেট বন্ধ কৰি পকা মজিয়াত বহি প্ৰতিবাদ আৰম্ভ কৰে ৷ এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে বিষয়টো সন্দৰ্ভত আলোচনা কৰিবলৈ জিলা উপায়ুক্তই বিষয়া জনক নিৰ্দেশ প্ৰদান কৰে ৷ ইয়াৰ পাছত ব্যৱসায়ী সকলৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি নিজেই পকী মজিয়াত বহি আলোচনাত মিলিত হয় বিষয়া জন ৷
লগতে পঢ়কঃ কোৱাৰেন্টাইন কেন্দ্ৰলৈ পৰিণত ধেমাজিৰ নৱনিৰ্মিত অভিযান্ত্ৰিক মহাবিদ্যালয়