অসম

assam

ETV Bharat / state

টেপজান নৈৰ ওপৰত নিৰ্মীয়মান দলঙে জ্বলা-কলা খুৱাইছে কাকজানবাসীক

2019 চনতে 1 কোটি 25 লাখ টকা ব্যয় সাপেক্ষে টেপজান নৈৰ ওপৰত নিৰ্মাণ হ'বলগীয়া এখন দলঙৰ আধাৰশিলা স্থাপন কৰা হৈছিল যদিও আজিলৈকে 10% কামো সম্পূৰ্ণ নহ'ল দলংখনৰ যাৰ ফলত দীৰ্ঘদিনে দুৰ্ভোগ ভুগিবলগীয়া হৈছে বৃহত্তৰ কৃষি প্ৰধান অঞ্চলটোৰ ৰাইজে ৷

By

Published : Jun 1, 2021, 7:46 PM IST

half construction bridge of teok
টেপজান নৈৰ ওপৰৰ নিৰ্মীয়মান দলঙে জ্বলা-কলা খুৱাইছে কাকজানবাসীক

টীয়ক, 1জুন: টীয়কৰ এখন নিৰ্মীয়মান দলঙে জ্বলা-কলা খুৱাইছে কাকজান দুলীয়া গাঁৱৰ ৰাইজক ৷ 2019 চনতে 1 কোটি 25 লাখ টকা ব্যয় সাপেক্ষে টেপজান নৈৰ ওপৰত নিৰ্মাণ হ'বলগীয়া দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল কিন্তু দলংখনৰ 10% কামো আজিলৈকে সম্পূৰ্ণ নহ'ল ৷ যাৰ ফলত দীৰ্ঘদিনে বৃহত্তৰ কৃষি প্ৰধান অঞ্চলটোৰ ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৷

এই দলং খনেৰে দৈনিক টীয়ক সংযোগী গাঁৱখনৰ পৰা বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী অহা যোৱা কৰাৰ লগতে টীয়ক এফ আৰ ইউ (FRU) লৈ ৰোগীসকল অহা-যোৱা কৰাৰ অন্যতম পথ এইটো ৷ কিন্তু সদাব্যস্ত এই দলংখন এনেদৰে বছৰ বছৰ ধৰি পৰি থকাত অসুবিধাৰ সন্মুখীন হৈছে অঞ্চলটোৰ ৰাইজ ৷

টেপজান নৈৰ ওপৰৰ নিৰ্মীয়মান দলঙে জ্বলা-কলা খুৱাইছে কাকজানবাসীক

ইফালে, দলংখন নিৰ্মাণৰ বাবে বহুদিনৰ পৰা বন্ধ হৈ আছে পথচোৱা ৷ নৈখন পাৰ হ’ব পৰাকৈ স্থানীয় ৰাইজে বাঁহৰ এখন দলং নিৰ্মাণ কৰিছে যদিও সেইখনৰ অৱস্থাও বৰ্তমান অতি ভয়াৱহ। বাৰিষা অহাৰ লগে লগে দলং নিৰ্মাণ কৰিব বাবে নৈৰ বক্ষত বান্ধ নিৰ্মাণ কৰি দলং নিৰ্মাণ কৰাত অধিক চিন্তিত হৈ পৰিছে অঞ্চলবাসী ৷ কিয়নো নৈ খনৰ গতি পথ সলনি কৰা হৈছিল দলং নিৰ্মাণৰ বাবে ৷ কিন্তু দলংৰ কাম সম্পূৰ্ণ নকৰি কেৱল এটা পকী পিলাৰ বনাইয়ে কাম বহু দিন বন্ধ কৰি ৰখা কাৰ্যত অধিক সংকিত হৈ পৰিছে গাঁওবাসী ৷

সেয়ে নতুন চৰকাৰৰ প্ৰতি গাওঁবাসীৰ আহ্বান শীঘ্ৰেই সম্পূৰ্ণ কৰক দলংৰ নিৰ্মাণ কাম ৷ ইতিমধ্যে গাঁওবাসীয়ে এই সমস্যা সমূহৰ বিষয়ে ঠিকাদাৰগোষ্ঠীক অৱগত কৰাৰ পাছতো গোষ্ঠীটোৱে দম্ভালি মাৰি কাম নকৰে বুলি ৰাইজক জনাইছে বুলিও অভিযোগ উত্থাপন হৈছে ঠিকাদাৰগোষ্ঠীৰ বিৰুদ্ধে।

লগতে পঢ়ক:এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ লাভলীনা বৰগোঁহাইৰ

ABOUT THE AUTHOR

...view details