অসম

assam

By

Published : Aug 6, 2022, 1:11 PM IST

ETV Bharat / state

Haflong Municipal Borad Employees Strike : হাফলং পৌৰ সভাৰ কৰ্মচাৰীৰ কৰ্মবিৰতি, আৱৰ্জনাৰে ভৰিছে চহৰ

বিগত ১৮ মাহে দৰমহা নোপোৱাৰ বাবেই কৰ্মবিৰতি ঘোষণা কৰিলে হাফলং পৌৰ সভাৰ কৰ্মচাৰীসকলে (Haflong Municipal Borad Employees Strike)। দৰমহা প্ৰদান নকৰিলে অনিৰ্দিষ্ট কাললৈ বহিব কৰ্মচাৰীসকল । ইফালে চাফাই কৰ্মচাৰীৰ প্ৰতিবাদৰ বাবে চহৰখন আৱৰ্জনাৰে ভৰি পৰিছে ।

Haflong Municipal Borad Employees Strike
হাফলং পৌৰ সভাৰ কৰ্মচাৰীৰ কৰ্মবিৰতি

ডিমা হাছাও,৬ আগষ্ট :সুদীৰ্ঘ ১৮ মাহে দৰমহা পোৱা নাই হাফলং পৌৰ সভাৰ কৰ্মচাৰীসকলে । যাৰ বাবে এতিয়া আৰ্থিক সংকটত পৰিছে কৰ্মচাৰীসকলে । কিন্তু বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন জনোৱাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে বঞ্চিত কৰ্মচাৰীসকলে । যাৰ বাবে হাফলং পৌৰ সভাৰ কৰ্মচাৰীসকলে প্ৰতিবাদ আৰম্ভ কৰিছে (Haflong municipal board employees protest)।

প্ৰাপ্য দৰমহা প্ৰদানৰ দাবীত শুকুৰবাৰৰ পৰা কৰ্মচাৰীসকলে প্ৰতিবাদত বহে । প্ৰতিবাদৰ অংশস্বৰূপে অনিৰ্দিষ্টকালৰ বাবে কৰ্মবিৰতি ঘোষণা কৰে কৰ্মচাৰীসকলে । হাফলং পৌৰ সভা কৰ্তৃপক্ষই কৰ্মচাৰীসকলৰ দৰমহা মুকলি কৰি নিদিয়া পৰ্যন্ত কৰ্মবিৰতি অব্যাহত ৰখাৰ হুংকাৰ দিয়ে কৰ্মচাৰীসকলে ।

হাফলং পৌৰ সভাৰ কৰ্মচাৰীৰ কৰ্মবিৰতি, আৱৰ্জনাৰে ভৰিছে চহৰ

উল্লেখ্য যে হাফলং পৌৰ সভাৰ মুঠ ৯৯ জন কৰ্মচাৰী যোৱা ১৮ মাহৰ পৰা তেওঁলোকৰ দৰমহাৰ পৰা বঞ্চিত হৈ আছে (Haflong municipal employees deprived of salary for 18 months)। এই ৯৯ জন কৰ্মচাৰীৰ মাজত ৩৫ গৰাকী চাফাই কৰ্মীও আছে । এই চাফাই কৰ্মীসকলে কৰ্মবিৰতি ঘোষণা কৰাৰ লগে লগে হাফলং চহৰৰ চৌদিশে এতিয়া জাৱৰসমূহ জমা হৈ ৰৈছে । এক অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে হাফলং চহৰত ।

যদি চাফাই কৰ্মীসকলৰ কৰ্মবিৰতি অব্যাহত থাকে তেনেহ'লে কিছুদিন পাছত হয়টো হাফলং চহৰৰ অৱস্থা শোচনীয় হৈ পৰিব । ইফালে দৰমহা প্ৰদানৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা কৰ্মচাৰীসকলে সংবাদ মাধ্যমৰ আগতে কয় যে দোকানৰ মালিকসকলে তেওঁলোকক অত্যাৱশ্যকীয় সামগ্ৰী বাকীত দিবলৈ নিবিচাৰে । কিয়নো দৰমহা নোপোৱা কৰ্মচাৰীসকলে দোকানত সময়ত বাকীৰ ধন দিব পৰা নাই । আনকি সন্তানৰ বিদ্যালয়ৰ মাচুলো সময়মতে দিব পৰা নাই কৰ্মচাৰীসকলে ।

বহুতৰে ঘৰত দুৰাৰোগ্য ৰোগী আছে যদিও তেওঁলোকৰ চিকিৎসাৰ বাবে সমস্যাত পৰিছে লোকসকল । আনহাতে সমগ্ৰ বিষয়ক লৈ হাফলং পৌৰ সভাৰ হেড এচিষ্টেণ্ট জবলিং টাৰীয়াঙয়ে কয় যে বিভিন্ন চৰকাৰী বিভাগৰ পৰা ২ কোটি টকাৰো বেছি ৰাজহ পাব লগা আছে আৰু এই ৰাজহ সময়ত নোপোৱাৰ বাবে আৰু অন্যান্য ফালৰ পৰা হাফলং পৌৰ সভাৰ ৰাজহ সংগ্ৰহ নোহোৱাৰ বাবে দৰমহা প্ৰদানত সমস্যা হৈছে ।

উল্লেখ্য যে প্ৰতিবাদী কাৰ্যসূচীত হাফলং পৌৰ সভাৰ কৰ্মচাৰীসকলে জানিবলৈ দিয়া মতে কৰ্তৃপক্ষই যদি শীঘ্ৰেই তেওঁলোকৰ দৰমহা মুকলি কৰি নিদিয়ে তেনেহ'লে তেওঁলোকৰ এই কৰ্ম বিৰতি অনিৰ্দিষ্টকাললৈ অব্যাহত থাকিব ।

লগতে পঢ়ক :State GST raid: শিৱসাগৰ নগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ বিভাগৰ অভিযান

ABOUT THE AUTHOR

...view details