অসম

assam

By

Published : Jun 7, 2020, 4:22 AM IST

ETV Bharat / state

চেলেংহাট অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে জ্ঞানম বৰাই

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত মৰিয়নীৰ চেলেংহাট অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে কুকুৰাছোৱা গাঁৱৰ জ্ঞানম বৰাই । ভৱিষ্যত দিনত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰাৰ আশা পুহি ৰাখিছে জ্ঞানমে ।

hslc result
hslc result

মৰিয়নী, 6 জুন : সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত মৰিয়নীৰ চেলেংহাট অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে কুকুৰাছোৱা গাঁৱৰ ৰতিল কুমাৰ বৰা আৰু নৱনীতা বৰাৰ পুত্ৰ জ্ঞানম বৰাই। তেওঁ আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক সহ মুঠ ৯৪.৬৬ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

চেলেংহাট অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে জ্ঞানম বৰাই

অতি সৰুৰে পৰা কুইজ , বক্তৃতাকে ধৰি বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছিল জ্ঞানমে ৷ তেওঁৰ পিতৃ অপ্ৰাদেশীকৃত হাঁহচৰা ছোৱালী উচ্চমাধ্যমিক বিদ্যালয়ৰ শিক্ষক আৰু মাতৃ গৃহিনী । সাম্প্ৰতিক সময়ৰ প্ৰতিটো ঘটনা প্ৰবাহ সম্পৰ্কে অতি সচেতন জ্ঞানমে গহীন ভাবৰ গ্ৰন্থ অধ্যয়ন কৰি সময় অতিবাহিত কৰে । সদ্যঘোষিত ফলাফলত স্থান লাভৰ ক্ষেত্ৰত কিছু দুখ থাকিলেও বৰ্তমান বিজ্ঞান শাখাত নাম ভৰ্তি কৰি ভৱিষ্যত দিনত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰাৰ আশা পুহি ৰাখিছে জ্ঞানমে ।

লগতে পঢ়ক : যোৰহাটৰ জয়া নগৰত মেধাৱী ছাত্ৰীৰ আত্মহত্যা

ABOUT THE AUTHOR

...view details