যোৰহাট, নৱেম্বৰঃৰাজ্যত সম্পূৰ্ণৰূপে নিষিদ্ধ হোৱা নাই গুটখা । যোৰহাটৰ পদপথৰ কাষে কাষে উপলব্ধ নিষিদ্ধ গুটখা । একাংশ সচেতন নাগৰিকৰ মন্তব্য এইয়া কেৱল চৰকাৰৰ দুমুখীয়া নীতিহে ।
উল্লেখ্য যে, দেশৰ কেইবাখনো ৰাজ্যই ধপাত আৰু নিক'টিনযুক্ত পাণ-মছলা, গুটখা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰে এনেকুৱা ধৰণৰ স্বাস্থ্যহানিকাৰক দ্ৰব্য মাত্ৰ এবছৰৰ বাবে নিষিদ্ধ কৰি চূড়ান্ত দুমুখীয়া নীতি গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন কৰে । যোৰহাটৰ পদপথৰ দোকানে দোকানে এতিয়াও উলমি আছে গুটখাৰ ৰঙীন পেকেট । যাৰ বাবে মুক্তভাৱে বিক্ৰী হৈ আছে নিষিদ্ধ গুটখা ।