অসম

assam

ETV Bharat / state

প্ৰতিষ্ঠিত ব্যৱসায়ীৰ বাসগৃহত জি এছ টি ইন্টেলিজেন্সৰ অভিযান - প্ৰতিষ্ঠিত ব্যৱসায়ী মাখন গাট্ৰানিৰ বাসগৃহত অভিযান

কৰ ফাঁকিৰ অভিযোগত জিলাখনৰ প্ৰতিষ্ঠিত ব্যৱসায়ী মাখন গাট্ৰানিৰ বাসগৃহত ডাইৰেক্টৰত জেনেৰেল অৱ জি এছ টি ইন্টেলিজেন্সৰ দলৰ অভিযান (Raids on Makhan Gattranis residences )৷

GST Intelligence raids on Makhan Gattranis residences
প্ৰতিষ্ঠিত ব্যৱসায়ীৰ বাসগৃহত জি এছ টি ইন্টেলিজেন্সৰ অভিযান

By

Published : Sep 25, 2022, 6:42 AM IST

Updated : Sep 25, 2022, 2:27 PM IST

যোৰহাট, 25 ছেপ্টেম্বৰ: যোৰহাটত উপস্থিত ডাইৰেক্টৰত জেনেৰেল অৱ জি এছ টি ইন্টেলিজেন্সৰ দল ৷ দেওবাৰে কৰ ফাঁকিৰ অভিযোগত জিলাখনৰ প্ৰতিষ্ঠিত ব্যৱসায়ী মাখন গাট্ৰানিৰ বাসগৃহত অভিযান চলালে দলটোৱে ৷ চিনামৰাস্থিত উদ্যোগ গাৰ্ট্ৰানি প্লাই আৰু ঠাকুৰবাৰীৰ নিজা বাসভৱনত দিনৰ 4.25 বজাৰ পৰা ওৰে নিশা অভিযান চলায় দলটোৱে (Raids on Makhan Gattranis residences ) ৷

ব্যাপক হাৰত কৰ ফাকি অভিযোগত জিলাখনৰ প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠানত উক্ত দলৰ মাৰাথন অভিযান। আজি যোৰহাট প্ৰতিষ্ঠিত ব্যৱসায়ী মাখন গাট্ৰানি চিনামৰাস্থিত ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বাসগৃহত অভিযান চলায় ডাইৰেক্টৰত জেনেৰেল অফ জি এছ টি ইন্টেলিজেন্সৰ এটা 13 জনীয়া দলে ।

এইগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী ডিব্ৰুগড়, তিনিচুকীয়া, গুৱাহাটী আৰু যোৰহাট ব্যৱসায়ী প্ৰতিষ্ঠান আৰু বাসভৱনত জি এছ টি ফাকি দিয়া অভিযোগ সম্পৰ্কত অভিযান চলায় (GST raid in Jorhat)। আজি দিনটোত ডাইৰেক্টৰত জেনেৰেল অফ জি এছ টি দলে মাখন গাৰ্ট্ৰানি বাসভৱন আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান চলোৱাত সমগ্ৰ জিলাখনতে এক কৌতুহল বিয়পে।

প্ৰতিষ্ঠিত ব্যৱসায়ীৰ বাসগৃহত জি এছ টি ইন্টেলিজেন্সৰ অভিযান

তাৰ্পয্যপূৰ্ণ যে একে উক্ত ব্যৱসায়ীজন ৰাজ্য ভিন্ন প্ৰান্তত থকা ব্যৱসায়ী স্থলীসমূহত অভিযান চলায় । দিনৰ ভাগৰ পৰা ওৰে নিশা চলা অভিযান চলায় ব্যৱসায় মাখন গাৰ্ট্ৰানি বাসগৃহ আৰু ব্যৱসায়ীস্থলীসমূহৰ পৰা ডাইৰেক্টৰত জেনেৰেল অফ জি এছ টি ইন্টেলিজেন্স দলে বহু আপত্তি জনক নথি পত্ৰ জব্দ কৰে।

উল্লেখযোগ্য যে ওৰে নিশা চলা অভিযান ব্যৱসায়ী জনে দীৰ্ঘদিন ধৰি কৰ ফাঁকি দি অহা বহু তথ্য উক্ত দলটোৱে তথ্য উদঘাটন কৰে বুলি এক বিশেষ সূত্ৰয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক:UNSCৰ প্ৰয়োজনীয় সংস্কাৰক বাধা দিয়াটো উচিত নহয়: এছ জয়শংকৰ

Last Updated : Sep 25, 2022, 2:27 PM IST

ABOUT THE AUTHOR

...view details