অসম

assam

ETV Bharat / state

ঠেলাই লগালে লেঠা, ক'ত আৰু কিয়? - দলং

দলং ভাঙি পৰাৰ ফলত কেইবাজনো বৰযাত্ৰীয়ে সামান্য পৰিমাণে আঘাত পায় ৷ দীৰ্ঘদিন ধৰি প্ৰায় 10-12 খন গাঁৱৰ ৰাইজে টীয়ক, যোৰহাটলৈ আহ - যাহ কৰাৰ বাবে জাঁজী নৈৰ ওপৰত এখন স্থায়ী দলং নিৰ্মাণ কৰাৰ বাবে দাবী জনাই আহিছিল এজাৰগুৰিবাসীয়ে ৷

টীয়কত বাঁহৰ দলং ভাঙি বৰযাত্ৰী আহত

By

Published : Apr 20, 2019, 9:46 AM IST

টীয়ক , 20 এপ্ৰিল : গাড়ী নাযায় ৷ সেয়ে ব্যৱস্থা কৰা হ'ল ঠেলাৰ ৷ ঠেলাৰে দৰা ঠিকেই পাৰ হ'ল ৷ পিচে বৰযাত্ৰীৰ আনসকলৰহে লাগিল লেঠা ৷

টীয়কৰ এজাৰগুৰি অঞ্চলত দলঙৰ দুৰাৱস্থাৰ বাবে ঠেলাৰে পাৰ হ'বলগীয়া হ'ল দৰা ৷ বাঁহৰ দলংখনত গাড়ী নাযায় বাবে ঠেলাত উঠাই লৈ যোৱা হয় দৰাক ৷

টীয়কত বাঁহৰ দলং ভাঙি বৰযাত্ৰী আহত

কিন্তু দৰাৰ পাচে পাচে যোৱা বৰযাত্ৰীৰ ভৰত দলংখনৰ এটা অংশ ভাগি পৰে ৷ দলং ভাঙি পৰাৰ ফলত কেইবাজনো বৰযাত্ৰীয়ে সামান্য পৰিমাণে আঘাত পায় ৷ দীৰ্ঘদিন ধৰি প্ৰায় 10-12 খন গাঁৱৰ ৰাইজে টীয়ক, যোৰহাটলৈ আহ - যাহ কৰাৰ বাবে জাঁজী নৈৰ ওপৰত এখন স্থায়ী দলং নিৰ্মাণ কৰাৰ বাবে দাবী জনাই আহিছিল এজাৰগুৰিবাসীয়ে ৷ কিন্তু ৰাইজৰ দাবীৰ পাচতো জাঁজী নৈৰ ওপৰত এখন দলঙৰ ব্যৱস্থা নকৰাত জৰাজীৰ্ণ ভগ্ন বাঁহৰ দলঙেৰেই ৰাইজে যাতায়ত অব্যাহত ৰাখিবলগীয়া হৈছে ৷

ABOUT THE AUTHOR

...view details