টীয়ক, 1 জুন :আজি অৰ্থাৎ বুধবাৰৰ পৰা আৰম্ভ হৈছে ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ (Gunotsav in Assam 2022) । গুণোৎসৱৰ বাবে সকলো চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ সমূহৰ শিক্ষক, কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰী ব্যস্ত হৈ পৰিছে । কিন্তু আজি এখন ব্যতিক্ৰমী বিদ্যালয়ৰ কথা ক’বলৈ লৈছো, যিখন বিদ্যালয়ে গুণোৎসৱ বুলি বিশেষ একো প্ৰস্তুতি কৰিবলগীয়া হোৱা নাই (An exceptional step taken at a govt school) ৷
কিয়নো বিদ্যালয়খনে ইতিমধ্যে সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । এই বিশেষ বিদ্যালয়খন হৈছে টীয়কৰ মধ্য যোৰহাট প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনস্থ গছপুৰীয়া অঞ্চলৰ চমুৱা গছপুৰীয়া প্ৰাথমিক বিদ্যালয় (A school in Teok has caught everyone attention)। চালে চকু ৰোৱা এই বিদ্যালয়ৰ পৰিৱেশ ।
বিদ্যালয়খনৰ দেৱালত আছে মহৎ লোকৰ বাণী আৰু সতৰ্কতামূলক বাণীৰ লগতে বিভিন্ন ফুল অৰ্কিডেৰে এক সুন্দৰ পৰিৱেশেৰে গঢ়ি তোলা হৈছে শ্ৰেণীকোঠাকে ধৰি বিদ্যালয়ৰ প্ৰাংগণ । বিদ্যায়তনিক শিক্ষাৰ সমান্তৰালকৈ খেলা-ধূলা, নৃত্য-গীত, বিভিন্ন হাতৰ কামকে ধৰি ছবি অঁকাত পাৰ্গত ছাত্ৰ-ছাত্ৰীসকল ।
ইপিনে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে অসমীয়া ভাষাৰ সমান্তৰালকৈ ক'ব বা লিখিব পাৰে ইংৰাজী আৰু হিন্দী ভাষাও । প্ৰধান শিক্ষক প্ৰশান্ত শৰ্মা আৰু সহ শিক্ষয়ত্ৰী জ্যোতি বৰাই এইসকল ছাত্ৰ-ছাত্ৰীক জীৱনৰ আদিপাঠ নিখুতকৈ আৰম্ভ কৰিবলৈ শিক্ষা প্ৰদানেৰে সদায় চেষ্টা চলাই আহিছে । দি আহিছে যোগ সাধনা, নীতি শিক্ষা তথা সামাজিক মূল্যবোধৰ পাঠ ৷
লগতে পঢ়ক :যাদুঘৰ-খেলঘৰ সংযুক্ত পাঠশালাৰ এখন ব্যতিক্ৰমী বিদ্যালয়