অসম

assam

ETV Bharat / state

তিতাবৰত উলহ-মালহেৰে গৰু বিহু উদযাপন

যোৰহাটৰ তিতাবৰত গৰু বিহু উদযাপন ৷ গৰু গা ধুৱাই থকাৰ মাজতে এপাক নাচি ৰঙালী বিহুৰ আনন্দ লয় তিতাবৰবাসীয়ে ৷

goru-bihu-celebration
গৰু বিহু উদযাপন

By

Published : Apr 14, 2021, 11:40 AM IST

তিতাবৰ,14 এপ্ৰিল : অসমীয়াৰ বাপোতিসাহোন ৰঙালী বিহুৰ পহিলা দিনটোত অৰ্থাৎ গৰু বিহুৰ দিনা ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে আনন্দ উছাহ । ইয়াৰ সমান্তৰালকৈ যোৰহাটৰ তিতাবৰতো পৰিলক্ষিত হৈছে গৰু বিহু উদযাপনৰ দৃশ্য ৷

অসমীয়া কৃষ্টিৰ অন্যতম নিদৰ্শন গৰু বিহু উদযাপন কৰাৰ লেখীয়াকৈ এই দিনটোত গঞা ৰাইজৰ মাজত পৰিলক্ষিত হৈছে সম্প্ৰীতিৰ এনাজৰীডাল । তিতাবৰত সাধাৰণ গঞা ৰাইজে একেলগে মিলি গৰু গা ধুৱাই থকাৰ মাজতে এপাক নাচি বিহুৰ আনন্দ ল’লে গাঁওবাসীয়ে ৷

গৰু বিহু উদযাপন

ঢোলৰ চেও, পেঁপাৰ মাতত নামি আহিছে বহাগৰ পূৰ্ণ সজীৱতা । পানীৰ অভাৱ থকা স্বত্বেও কৃত্ৰিমভাৱে পানীৰ ব্যৱস্থা কৰি গঞা ৰাইজে পৰম্পৰাগতভাৱে উদযাপন কৰে গৰু বিহু ৷

লগতে পঢ়ক :গৰু বিহু : ভোগদৈ নৈত গৰু গা ধুৱালে যোৰহাটবাসীয়ে

ABOUT THE AUTHOR

...view details