যোৰহাট,14 এপ্ৰিল : সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো উলহ-মালহেৰে সমূহীয়াকৈ উদযাপন কৰা হৈছে গৰু বিহু ৷ যোৰহাটৰ ঐতিহাসিক মইনামাজী গাঁৱৰ ৰাইজে সম্পূৰ্ণৰূপে পৰম্পৰা ৰক্ষা কৰি উদযাপন কৰে গৰু বিহু ৷
কৃষিজীৱি ৰাইজৰ হেঁপাহৰ গৰু হালক লৈ ব্যস্ত হৈ পৰা ৰাইজে গৰু হালক ভৌগদৈ নৈত মাহ-হালখিৰে গা ধুৱায় । উল্লেখ্য যে, ভৌগদৈ নৈত গৰু গা ধুওৱা পৰ্ব পৰম্পৰাৰে পালন কৰে গাঁওবাসীয়ে ৷