অসম

assam

By

Published : Feb 12, 2021, 9:39 AM IST

ETV Bharat / state

চলচিত্ৰ জগতত আগ্ৰহীলৈ সুখবৰ

চলচিত্ৰ জগতলৈ আগ্ৰহ থকা লোক সকলৰ বাবে সুখবৰ ৷ জে বি প্ৰডাকচনে নৱ-প্ৰজন্মক চলচিত্ৰ জগতত অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যৰে আয়োজন কৰিছে এখন অনলাইন স্ক্ৰীপ্ট ৰাইটিং প্ৰতিযোগিতা ৷

Good news for the movie world: Script Writing Competition to be held online
চলচিত্ৰ জগতলৈ সুখবৰ:অনলাইনযোগে অনুষ্ঠিত হ'ব স্ক্ৰীপ্ট ৰাইটিং প্ৰতিযোগীতা

যোৰহাট,12ফেব্ৰুৱাৰী : চলচ্চিত্ৰ জগতখনৰ লগত জড়িত হোৱাৰ সপোন সকলোৰে থাকে ৷ এই উদ্দেশ্যৰে জে বি প্ৰডাকচনে নৱ-প্ৰজন্মলৈ লৈ আহিছে এক সুখবৰ ৷ ইমেজ ক্ৰিয়েটিভ ষ্টুডিঅ'ৰ উদ্যোগত আৰু জে বি প্ৰডাকচনৰ সহযোগত অনুষ্ঠিত কৰা হ'ব এক স্ক্ৰীপ্ট ৰাইটিং প্ৰতিযোগিতা ৷

এই প্ৰতিযোগিতাৰ যোগেদি নৱ প্ৰজন্মৰ কাল্পনিক তথা সৃষ্টিশীল প্ৰতীভাক এক মান্যতা দিয়াৰ যত্ন কৰা হৈছে ৷ প্ৰতিযোগী সকলে অনলাইনযোগে অংশগ্ৰহণ কৰিব পাৰিব এই প্ৰতিযোগীতাত ৷

চলিত বৰ্ষৰ ৩০ এপ্ৰিললৈকে স্ক্ৰীপ্ট সমূহ www.imagixcreativestudio.com/subimission ত জমা দিব পাৰিব ৷ এই অনুষ্ঠানত অভিনেতা যতিন বৰা, প্ৰযোজিকা নবনীতা শৰ্মা বৰা, হৃষিকেশ ভট্টাচার্য, জয়ন্ত নাথ, অভিনেতা পবিত্ৰ বৰুৱাৰ লগতে বহু লোক উপস্থিত থাকিব ।

এই প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰা প্ৰতিযোগী গৰাকীৰ স্ক্ৰীপ্টৰ আধাৰত জে বি প্ৰডাকচনে নিৰ্মাণ কৰিব চলচিত্ৰ ৷

অন্য এক খবৰৰ বাবে: নলবাৰীত অসম গণ পৰিষদৰ কৰ্মী সভা

ABOUT THE AUTHOR

...view details