অসম

assam

ETV Bharat / state

Golden jubilee of Eksharan Bhagwati Samaj Assam : চাৰিদিনীয়া কাৰ্যসূচীৰে একশৰণ ভাগৱতী সমাজ অসমৰ প্ৰাদেশিক অধিৱেশন - একশৰণ ভাগৱতী সমাজ অসমৰ সোণালী জয়ন্তী

অহা ২৭,২৮,২৯ আৰু ৩০ জানুৱাৰীত গোলাঘাট জিলাৰ মেলেঙত অনুষ্ঠিত হ’ব একশৰণ ভাগৱতী সমাজ অসমৰ প্ৰাদেশিক অধিবেশন আৰু মহাপালনাম ৷ প্ৰায় ৩ কোটি টকা ব্যয় সাপেক্ষে অনুষ্ঠিত হ'ব এই অধিৱেশনৰ (Golden jubilee of Eksharan Bhagwati Samaj Assam) ৷

Golden jubilee of Eksharan Bhagwati Samaj Assam
চাৰিদিনীয়া কাৰ্যসূচীৰে একশৰণ ভাগৱতী সমাজ অসমৰ প্ৰাদেশিক অধিৱেশন

By

Published : Dec 19, 2022, 2:19 PM IST

চাৰিদিনীয়া কাৰ্যসূচীৰে একশৰণ ভাগৱতী সমাজ অসমৰ প্ৰাদেশিক অধিৱেশন

টীয়ক, ১৯ ডিচেম্বৰ : একশৰণ ভাগৱতী সমাজ অসমৰ সোণালী জয়ন্তী প্ৰাদেশিক অধিৱেশন আৰু মহাপালনাম অনুষ্ঠিত হ’ব ২০২৩ বৰ্ষত ৷ ২০২৩ বৰ্ষৰ ২৭, ২৮, ২৯ আৰু ৩০ জানুৱাৰীত টীয়ক সমষ্টিৰ অন্তৰ্গত মেলেং মেটেলিক পালনাম থানত অনুষ্ঠিত হ’ব একশৰণ ভাগৱতী সমাজ অসমৰ সোণালী জয়ন্তী প্ৰাদেশিক অধিৱেশন আৰু মহাপালনাম ৷ অধিৱেশন সন্দৰ্ভত ৰাইজক অৱগত কৰাৰ উদ্দেশ্যৰে এক সংবাদ মেলৰ আয়োজন কৰে উদ্যোক্তাসকলে (Golden jubilee of Eksharan Bhagwati Samaj Assam) ৷

একশৰণ ভাগৱতী সমাজ অসমৰ সোণালী জয়ন্তী প্ৰাদেশিক অধিৱেশন পূৰ্বে ২০২৩ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ৩, ৪, ৫ আৰু ৬ তাৰিখে অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যদিও অনিবাৰ্য কাৰণবশতঃ ফেব্ৰুৱাৰীৰ উক্ত দিনৰ পৰিবৰ্তে জানুৱাৰী মাহৰ ২৭, ২৮, ২৯ আৰু ৩০ জানুৱাৰীত একশৰণ ভাগৱতী সমাজ অসমৰ সোণালী জয়ন্তী প্ৰাদেশিক অধিৱেশন আৰু পালনাম অনুষ্ঠিত হ'ব বুলি আজি এক সংবাদ মেল সম্বোধন কৰি জানিবলৈ দিয়ে উদ্যোক্তাসকলে (Eksharan Bhagwati Samaj Assam Golden jubilee celebration )।

উল্লেখযোগ্য যে প্ৰায় ৩ কোটি টকা ব্যয় সাপেক্ষে অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM Himanta Biswa Sarma) ৷ লগতে অনুষ্ঠানটিত কেইবাগৰাকীও মন্ত্ৰী,সাংসদ, বিধায়ক উপস্থিত থকাৰ কথা উল্লেখ কৰে একশৰণ ভাগৱতী সমাজ অসমৰ সোণালী জয়ন্তী প্ৰাদেশিক অধিৱেশনৰ উদ্যোক্তাসকলে ।

ইপিনে অধিৱেশন অনুষ্ঠিত হোৱা প্ৰতিটো দিনতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে উদ্যোক্তাসকলে । তদুপৰি সাত ভনীৰ ৰাজ্য কেইখনৰ সমাহাৰেৰে এক আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰা, বাণিজ্য ও গ্ৰন্থমেলাৰো আয়োজন কৰিছে উদ্যোক্তাসকলে । ইয়াৰ লগতে একেলগে প্ৰায় ১০ হাজাৰ ভক্তৰ ভোজনৰ ব্যৱস্থা কৰিছে উদ্যোক্তাসকলে ।

একশৰণ ভাগৱতী সমাজ অসমৰ সোণালী জয়ন্তী প্ৰাদেশিক অধিৱেশনত স্বাস্থ্য, খোৱাপানী আৰু যাতায়ত আদিৰ ক্ষেত্ৰত সকলোধৰণৰ সা সুবিধাৰ ব্যৱস্থা কৰাৰ অৰ্থে ইতিমধ্যে প্ৰায় ২৩ খন উপ সমিতি গঠন কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে । অধিৱেশনৰ চাৰিওটা দিনৰ বিভিন্ন কাৰ্যসূচীসমূহত অসমবাসী ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তাসকলে ।

লগতে পঢ়ক:Section 144 imposed at Batadrava: বটদ্ৰৱাৰ বৃহৎ ভূমিত পুৱাৰে পৰা প্ৰশাসনৰ উচ্ছেদ অভিযান

For All Latest Updates

ABOUT THE AUTHOR

...view details