যোৰহাট, ১০ মে': উৰুখা পঁজাত আনন্দৰ বন্যা । বন বিভাগত চাকৰি লাভ কৰিলে যোৰহাটৰ ৰিকিমণি আৰু নয়নাই । যোৰহাটৰ বহতীয়া গাঁও আৰু নাও বৈছা ঔটেঙাতল গাঁৱত এতিয়া উচাহৰ ঢল । উৰুখা পঁজালৈ আনন্দৰ খবৰ আনিলে দুই যুৱতী ৰিকিমণি আৰু নয়নাই । উৰুখা পঁজাৰ পৰা বহু পৰিশ্ৰম কৰি দুই মেধাবী ছাত্ৰীয়ে লাভ কৰিলে বন বিভাগৰ চাকৰি (Girls of poor family shine in forest depertment Recruitment) ।
যোৰহাটৰ বহতীয়া গাঁৱৰ ৰিকিমণি বৰাই সদ্যঘোষিত বন বিভাগৰ সুৰক্ষাকৰ্মী হিচাপে নিযুক্তি লাভ কৰিছে । দিন হাজিৰা কৰি অশেষ কষ্টেৰে ৰিকিমণিৰ পিতৃয়ে পৰিয়াল চলাইছিল আৰু ৰিকিৰ পঢ়া-শুনাৰ দায়িত্ব লৈছিল । আজি যেন সেই কষ্ট সাৰ্থক হ'ল । ৰিকিমণিৰ এই সফলতাত উৎফুল্লিত হৈছে পিতৃ-মাতৃৰ লগতে অঞ্চলবাসী(Recruitment in Govt job) ।
অঞ্চলবাসীয়ে ৰিকিমণিৰ গৃহত উপস্থিত হৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় (Assam govt grade 3 results) । আনহাতে যোৰহাটৰ নাওবৈছা ঔটেঙাতল অঞ্চলৰ আন এটা উৰুখা পঁজাত এতিয়া আনন্দৰ চকুলো । নয়না বৰা নামৰ মেধাবী ছাত্ৰীগৰাকীয়ে বহু কষ্টৰ মূৰত লাভ কৰিলে বন বিভাগৰ সুৰক্ষাকৰ্মীৰ চাকৰি । নয়নাৰ পিতৃ প্ৰসেনজিৎ বৰাই গাড়ী চলাই দিছিল পৰিয়াল পোহপাল ।