অসম

assam

ETV Bharat / state

মৰিয়নী ৰেলৱে জংচনত সন্তান প্ৰসৱ এগৰাকী মহিলাৰ - সন্তান প্ৰসৱ

14 তাৰিখে নিশা তেওঁক স্বামীয়ে সন্তান সম্ভৱা অৱস্থাত মৰিয়নী জংচনত এৰি থৈ যায় । আৰু তাৰ পাচতে শুকুৰবাৰে নিশা মহিলাগৰাকীয়ে মৰিয়নী জংচনৰ চৌহদতে এটি কন্যা সন্তান জন্ম দিয়ে৷

ৰেলৱে জংচনত সন্তান প্ৰসৱ এগৰাকী মহিলাৰ

By

Published : Aug 24, 2019, 12:33 PM IST

Updated : Aug 24, 2019, 1:14 PM IST

যোৰহাট , 24 আগষ্টঃ শুকুৰবাৰে নিশা স্বামীৰ প্ৰৱঞ্চনাৰ বাবে মৰিয়নী জংচনত এগৰাকী মহিলাই সন্তান প্ৰসৱ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ মহিলা গৰাকীৰ অভিযোগ অনুসৰি 14 তাৰিখে নিশা তেওঁক স্বামীয়ে সন্তান সম্ভৱা অৱস্থাত মৰিয়নী জংচনত এৰি থৈ গৈছিল ।

ৰেলৱে জংচনত সন্তান প্ৰসৱ এগৰাকী মহিলাৰ
বহু পলমকৈ তেওঁৰ স্বামী আলাউদ্দিনে পৰস্ত্ৰী লৈ পলায়ন কৰাৰ কথা অৱগত হোৱাত উপায়বিহীন হৈ মহিলা গৰাকীয়ে ষ্টেচনতে থকাৰ সিদ্ধান্ত লয় ৷ আৰু তাৰ পাচতে শুকুৰবাৰে নিশা মহিলাগৰাকীয়ে মৰিয়নী জংচনৰ চৌহদতে এটি কন্যা সন্তান জন্ম দিয়ে ৷ অৱশ্যে পৰৱৰ্তী সময়ত সাংবাদিক আৰু সচেতন লোকৰ তৎপৰতাত মহিলাগৰাকী আৰু নৱজাতকটিক মৰিয়নী চিকিৎসালয়ত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰোৱা হয় ৷ ইপিনে এই পৰ্যন্ত মহিলা গৰাকীৰ স্বামীৰ কোনো শুংসূত্ৰ বিচাৰি পোৱা নাই ৷
Last Updated : Aug 24, 2019, 1:14 PM IST

ABOUT THE AUTHOR

...view details