তিতাবৰ,22 জানুৱাৰী : সমাগত বিধানসভা নিৰ্বাচনৰ লক্ষ্য আগত ৰাখি এইবাৰ তিতাবৰৰ আসন শাসকীয় দলে হস্তগত কৰিবলৈ বিভিন্ন ৰাজনৈতিক কৌশল অব্যাহত ৰখাৰ সময়তে কংগ্ৰেছ দলেও শেহতীয়াকৈ আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ ৷ তিতাবৰ সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ মৃত্যুৰ পাচতে একপ্ৰকাৰ মনোবল ভাগি পৰা কংগ্ৰেছ কৰ্মীসকলৰ মাজত শুকুৰবাৰে পুনৰ নতুন আশাৰ ইংগিত দি দলীয় কৰ্মীসকলক উৎসাহ যোগায় কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে ।
পিতৃৰ মৃত্যুৰ পাচত প্ৰথমবাৰলৈ তিতাবৰত উপস্থিত হৈ ড৹ মনমোহন সিং প্ৰেক্ষাগৃহত আয়োজিত এখন দলীয় কৰ্মীসভাত দলৰ কৰ্মকতাসকলক উদ্দেশি ভাষণ প্ৰদান কৰে সাংসদ গৌৰৱ গগৈয়ে । তিতাবৰ সমষ্টিৰ কংগ্ৰেছৰ দলীয় কৰ্মীসকলক উদ্দেশি সাংসদগৰাকীয়ে কয় যে, কংগ্ৰেছ দল ভাৰতৰ দুখীয়া তথা সৰ্বসাধাৰণৰ দল ৷ এই দলে কেতিয়াও পুঁজিপতিৰ ওচৰত আঁঠু লৈ জীয়াই থাকিবলৈ দিয়া নাই । কংগ্ৰেছ দল ভাৰতৰ স্বাধীনতা সংগ্ৰামী সেনানীৰ দল । এই দলে 200 বছৰ ভাৰতত ৰাজত্ব কৰা ব্ৰিটিছক উৎখাত কৰিছিল । কিন্তু বিজেপি দলে দেশৰ জনসাধাৰণক কিছুমান ভুৱা আৰু মিছা প্ৰতিশ্ৰুতি দি দেশৰ শাসনভাৰ লোৱাৰ পাচৰ পৰাই দেশত এতিয়া সকলো দিশৰ পৰা অচলাৱস্থাৰ সৃষ্টি হৈছে । দেশৰ খাটি খোৱা দৰিদ্ৰ জনসাধাৰণৰ কল্যাণৰ কথা বাদ দি আজি বিজেপি চৰকাৰে পুঁজিপতি আদানি আৰু আম্বানীৰ হাতত দেশৰ জনগণৰ ভৱিষ্যত এৰি দিছে । অসমৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ গুজৰাটৰ আদানিক বিক্ৰী কৰাৰ পাচত এতিয়া কৃষিভূমিসমূহো পুঁজিপতি আম্বানীক গতাই দিবলৈ যো-জা চলাইছে ।
দিল্লীৰ কৃষক আন্দোলনে এমাহৰো অধিক সময় অতিক্ৰম কৰাৰ পাচতো বিজেপি চৰকাৰখনে আম্বানী-আদানিৰ পক্ষ লৈ কৃষকসকলক প্ৰতাৰণা কৰিছে বুলি কৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃষি আৰু কৃষকৰ বিষয়ে নুন্যতমো সাধাৰণ জ্ঞান নাই বুলি কটাক্ষ কৰে সাংসদ গৰাকীয়ে । তেওঁ কয় যে, বিজেপি চৰকাৰৰ এই মিছা প্ৰতিশ্ৰুতি শেহতীয়াকৈ অসমৰ জনতাই বুজি পাইছে বুলি পাইছে ৷ ৰাজ্যখনৰ জ্বলন্ত সমস্যাসমূহ আলাপ-আলোচনাৰ মাজেৰে সমাধান নকৰি আক্ৰোশ মূলকভাৱে ভুৱা গোচৰ জাপি দি বিজেপি বিৰোধীসকলক কাৰাগাৰলৈ নিক্ষেপ কৰিছে । ‘কা’ আন্দোলন কৰা অখিল গগৈক আজি কাৰাগাৰত ভৰাই চৰকাৰখনে নিজৰ ফেচিবাদী চৰিত্ৰ উদঙাইছে ৷ তেওঁলোকৰ আচল চৰিত্ৰ লুকুৱাই ৰাখিবলৈ এতিয়া চাইকেল চলাই নতুন অভিনয় কৰিবলৈ আৰম্ভ কৰিছে বিজেপিয়ে ৷