মৰিয়নী, 7 মাৰ্চঃ শনিবাৰে মৰিয়নীৰ নতুনমাটি চুকাফা নগৰত অসম গেছ কোম্পানী লিমিটেডৰ গেছ পৰিবাহী পাইপেৰে অহৰহ গেছ নিৰ্গত হোৱাৰ ফলত আতংকত ভুগিছে অঞ্চলবাসী । ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, চুকাফা নগৰৰ মাজেদি যোৱা ধোদৰ আলি দাঁতিত অসম গেছ কোম্পানী লিমিটেডৰ গেছ পাইপৰ জংচন এটাৰ এডাল গেছ পৰিবাহী পাইপ ফাটি যোৱাৰ ফলত এক বিকট শব্দৰে কেইবাঘণ্টা জুৰি সেই ফটা পাইপেৰে অহৰহ গেছ নিৰ্গত হৈ থাকে ।
মৰিয়নীত বিস্ফোৰিত গেছ পৰিবাহী পাইপলাইন - গেছ পৰিবাহী পাইপলাইন ফটাৰ ফলত কথমপি প্ৰাণ ৰক্ষা
চুকাফা নগৰৰ মাজেদি যোৱা ধোদৰ আলি দাঁতিত অসম গেছ কোম্পানী লিমিটেডৰ গেছ পাইপৰ জংচন এটাৰ এডাল পাইপ ফাটি যোৱাৰ ফলত এক বিকট শব্দৰে কেইবাঘণ্টা জুৰি সেই ফটা পাইপেৰে অহৰহ গেছ নিৰ্গত হৈ থাকে।

বিষ্ফোৰণ গেছ পৰিবাহী পাইপলাইন
লগতে পঢ়কঃফাঁচীবজাৰত নাই ফাকুৱাৰ উচাহ !
ততাতৈয়াকৈ কাষতে লাগি থকা কেইবাটাও পৰিয়াল নিৰাপদ স্থানত অৱস্থান কৰে লগতে আৰক্ষী আৰু স্থানীয় লোকে সেই পথেৰে গাড়ী মটৰ অহা যোৱা বন্ধ কৰি দিয়ে ৷ ফলত এক সম্ভাব্য ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে অঞ্চলবাসী । গেছ নিৰ্গত হোৱাৰ প্ৰায় কেইবাঘণ্টাৰ পাছত AGCL বিষয়ববীয়া উপস্থিত হৈ গেছ বন্ধ কৰিবলৈ সক্ষম হয় আৰু স্থানীয় ৰাইজক আতংকৰ পৰা মুক্ত কৰে যদিও অসম গেছ কোম্পানীৰ বিষয়ববীয়াৰ এনে হেমাহিক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে স্থানীয় ৰাইজে ।