তিতাবৰ, 9 এপ্ৰিল : অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানক প্ৰহাৰ কৰি তিতাবৰৰ বৰহোলাত গ্ৰেপ্তাৰ হল গাওঁ পঞ্চায়তৰ সভাপতি ৷ শুক্ৰবাৰে যোৰহাট জিলাৰ বৰহোলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰজাবাহাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাজেন শইকীয়াক ৷ ঘটনাৰ বিবৰণ অনুসৰি, ৭ এপ্ৰিল অৰ্থাৎ বুধবাৰে ৰজাবাহাৰ গাঁৱৰ প্ৰনৱ চিৰিং ফুকনৰ বাসগৃহত হোৱা শ্বট চাৰ্কিটৰ ফলত এখন গেলামালৰ দোকানত জুইৰ সূত্ৰপাত হৈছিল ।
কৰ্তব্যৰত জোৱানক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ এখন পঞ্চায়তৰ সভাপতি - 55 ipc 353/325/294 নং
অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানক প্ৰহাৰ কৰি তিতাবৰৰ বৰহোলাত গ্ৰেপ্তাৰ হ’ল গাওঁ পঞ্চায়তৰ সভাপতি ৷ জুই নিৰ্বাপন কৰিবলৈ উপস্থিত হোৱা অগ্নিনিৰ্বাহক বাহিনীৰ বাহনৰ পানী শেষ হোৱাক কেন্দ্ৰ কৰি কৰ্তব্যৰত জোৱানজনক ৰাজেন শইকীয়াই আক্ৰমণৰ লক্ষ্য কৰি লয় । অগ্নি নিৰ্বাপক বাহিনীৰ জোৱান কৌস্তৱ ফুকনৰ গোচৰৰ ভিত্তিত ৰাজেন শইকীয়াক শুক্ৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷
![কৰ্তব্যৰত জোৱানক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ এখন পঞ্চায়তৰ সভাপতি gaon panchayat president arrested](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11341544-1000-11341544-1617968077589.jpg)
অগ্নি নিৰ্বাপক বাহিনীৰ জোৱানক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ গাওঁ পঞ্চায়তৰ সভাপতি
অগ্নি নিৰ্বাপক বাহিনীৰ জোৱানক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ গাওঁ পঞ্চায়তৰ সভাপতি
জুই নিৰ্বাপন কৰিবলৈ সেই ঠাইত উপস্থিত হোৱা অগ্নিনিৰ্বাহক বাহিনীৰ বাহনৰ পানী শেষ হোৱাক কেন্দ্ৰ কৰি এজন জোৱানক ৰাজেন শইকীয়াই আক্ৰমণৰ লক্ষ্য কৰি লয় । ৰাজেন শইকীয়াই অগ্নি নিৰ্বাপক বাহিনীৰ জোৱান কৌস্তৱ ফুকনক ঘটনাস্থলীতে শাৰীৰিক ভাৱে অপদষ্ট কৰে । এই ঘটনাক লৈ বৰহোলা আৰক্ষী থানাত অগ্নি নিৰ্বাপক বাহিনীৰ জোৱান কৌস্তৱ ফুকেন এটা গোচৰ ৰুজু কৰিছে ৷ সেই গোচৰৰ ভিত্তিতে ৰাজেন শইকীয়াক শুক্ৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷