অসম

assam

ETV Bharat / state

বৰহোলাত জব্দ বৃহৎ পৰিমাণৰ ভাং

গোপন সূত্ৰৰ পম খেদি বৰহোলা আৰক্ষীয়ে মনোজ দাস নামৰ এজন লোকৰ ঘৰৰ পৰা জব্দ কৰিলে ভাং ৷ অভিযুক্তক কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ ৷

By

Published : Oct 4, 2019, 3:04 PM IST

বৰহোলা আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ ভাং


তিতাবৰ , 4 অক্টোবৰঃ তিতাবৰ মহকুমা অন্তৰ্গত বেকাজান বনোৱা গাঁৱত বৰহোলা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি বৃহস্পতিবাৰে মনোজ দাস নামৰ লোক জনৰ ঘৰ পৰা 1 কেজি 200 গ্ৰাম ভাং উদ্ধাৰ কৰাৰ লগতে মনোজ দাস নামৰ লোক জনক গ্ৰেপ্তাৰ কৰে । উল্লেখযোগ্য যে বৰহোলাৰ বোকাজান অঞ্চলত দীৰ্ঘ দিনৰ পৰা ভাং বিক্ৰী হৈ আহিছে ৷ পূজাৰ প্ৰাকমূহুৰ্তত এইয়া বৰহোলা আৰক্ষীৰ বৃহৎ সাফল্য বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে ৷ আটক কৰা মনোজ দাস নামৰ ব্যক্তিজনক ইতিমধ্যে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷

বৰহোলা আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ ভাং

ABOUT THE AUTHOR

...view details