অসম

assam

ETV Bharat / state

যোৰহাটত অনুষ্টুপীয়াকৈ গনেশ চতুৰ্থী পালন - শ্ৰী গনেশৰ সম্পূৰ্ণ আধ্যাত্মিকতা

কৰ’ণা মহামাৰীৰ বাবে গনেশ পুজাৰো উৎসাহ উদ্দীপনা যথেষ্ট পৰিমাণে ম্লান দেখা পোৱা গৈছে । গনেশ চতুৰ্থী উপলক্ষে বিগত ২০ টা বছৰত দেখা পোৱা পৰিৱেশৰ তুলনাত এইবাৰ যোৰহাটত নিস্তব্ধতা দেখা যায় ।

Ganesh puja celebration at jorhat
যোৰহাটত অনুষ্টুপীয়াকৈ গনেশ চতুৰ্থী পালন

By

Published : Aug 22, 2020, 1:14 PM IST

যোৰহাট, 22আগষ্টঃ:হিন্দু পঞ্জিকা অনুসৰি ভাদ মাহৰ শুক্লা চতুৰ্থী তিথিত শ্ৰী গনেশৰ সম্পূৰ্ণ আধ্যাত্মিকতা আৰু উলহ মালহৰে পালন কৰা হয়সিদ্ধি দেৱতা পূজা । কিন্তু এইবাৰ যেন কৰ’ণা মহামাৰীৰ বাবে গনেশ পূজাৰো উৎসাহ উদ্দীপনা যথেষ্ট পৰিমাণে ম্লান দেখা পোৱা গৈছে । গনেশ চতুৰ্থী উপলক্ষে বিগত ২০ টা বছৰত দেখা পোৱা পৰিৱেশ যোৰহাটত এইবাৰ সম্পূৰ্ণ নিস্তব্ধতা পৰিলক্ষিত হয় ।

যোৰহাটত অনুষ্টুপীয়াকৈ গনেশ চতুৰ্থী পালন

যোৰহাটৰ জিলা প্ৰশাসনৰ পৰা আদেশ লৈ পূজা উদযাপন কৰিছিল প্ৰায় ৪০ ৰো অধিক গনেশ পূজা । কিন্তু সম্পূৰ্ণ বিপৰীত ছবি দেখা পোৱা গ'ল এইবাৰ যোৰহাটত । নাই কোনো পূজাৰ মন্দপ, নাই কোনো গনেশ বন্দনা । মন্দিৰত থকা গনেশ দেৱতাৰ প্ৰতিমূৰ্তি ওচৰত পৰিয়ালৰ বাবে বন্তি জ্বলাই আশিষ বিচৰা বাহিৰে নাই কোনো ধৰণৰ পূজাৰ উলহ-মালহ পৰিৱেশ ।

যোৰহাটত অনুষ্টুপীয়াকৈ গনেশ চতুৰ্থী পালন

ইপিনে দেৰিকৈ হ'লেও জিলা প্ৰশাসনে গনেশ পূজা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল যদিও কোনো পূজা কমিটীয়ে পালন নকৰিল সিদ্ধি বিনায়ক গনেশ দেৱতাৰ পূজা । হয়তো আহিবলগীয়া শাৰদীয় দূর্গা পুজাটো এনে পৰিৱেশ দেখিবলৈ পোৱা যাব ৰাইজে মত প্ৰকাশ কৰে ।

যোৰহাটত অনুষ্টুপীয়াকৈ গনেশ চতুৰ্থী পালন

লগতে পঢ়কঃডিব্ৰুগড়ৰ কলাখোৱাত বানপীড়িত ৰাইজৰ হাহাকাৰ

ABOUT THE AUTHOR

...view details