টীয়ক, ২ অক্টোবৰ: আজি জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ ১৫৪ সংখ্যক জন্মজয়ন্তী (Gandhi Jayanti celebrate at Tiyak)। সমগ্ৰ দেশে দেওবাৰে শ্ৰদ্ধাৰে সুঁৱৰিছে জাতিৰ পিতাক । ইপিনে, দুৰ্গা পূজাৰ আজি মহাসপ্তমী । মহাসপ্তমীৰ ব্যস্ততাৰ মাজতে সমগ্ৰ দেশৰ লগতে টীয়কৰ পিড়াকটাত গান্ধী জয়ন্তী উদযাপন কৰা হয় ।
টীয়কৰ সামাজিক অনুষ্ঠান চন্দনৰ উদ্যোগত তথা পিড়াকটাবাসী (Gandhi Jayanti celebrate at Pirakata in Tiyak) ৰাইজৰ সহযোগত বৃহত্তৰ টীয়কৰ খেলুৱৈসকলক লৈ বিশ্বশান্তি কামনাৰে এখনি মাৰথান দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় । উক্ত দৌৰ প্ৰতিযোগিতাত অঞ্চলটোৰ শতাধিক ছাত্ৰ- ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।
উল্লেখ্য় যে, অসমৰ অন্যতম দৌৰবিদ চন্দন বুঢ়াগোঁগাইৰ নেতৃত্বত অনুস্থিত হোৱা তথা টীয়ক আৰক্ষী থানাৰ উপ পৰিদৰ্শক তথা যুৱ খেলুৱৈ দিপাংকৰ দলেয়ে শুভ উদ্বোধন কৰা এই প্ৰতিযোগিতাখনিয়ে গ্ৰাম্যাঞ্চলৰ ক্ৰীড়া প্ৰতিভাসমূহ বিকশিত কৰি সমন্বয় তথা ভাতৃত্ববোধ গঢ়ি তুলিছে বুলি ৰাইজে মন্তব্য কৰিছে ।