অসম

assam

ETV Bharat / state

Gandhi Ashram in Jorhat: জহি খহি জকাটোহে আছে গৈ যোৰহাটস্থিত গান্ধী আশ্ৰমৰ !

যোৰহাটৰ সৰ্বাইবন্ধাত আছে এখন গান্ধী আশ্ৰম ৷ সংৰক্ষণৰ অভাৱত ভূত বাংলালৈ পৰিণত হৈছে যোৰহাটৰ সাৱৰমতি গান্ধী আশ্ৰম ৷ গছ-লতাই আগুৰি ধৰা আশ্ৰমখনৰ এতিয়া জকোটোহে আছেগৈ ৷

Gandhi Ashram in Jorhat
জহি খহি জকাটোহে আছে গৈ যোৰহাটস্থিতি গান্ধী আশ্ৰম

By

Published : Aug 8, 2023, 8:47 AM IST

যোৰহাট, 8 আগষ্ট:পৰাধীনতাৰ শিকলি ছিঙি স্বাধীনতাৰ বাবে বিট্ৰিছ বিৰোধী আন্দোলনখনত সেই সময়ৰ অবিভক্ত ভাৰতৰ লোকে সংগ্ৰাম কৰিছিল ৷ স্বাধীনতা সংগ্ৰামখনত সন্মুখৰ পৰা সৱল নেতৃত্ব দিছিল জাতিৰ পিতা মহাত্মা গান্ধীয়ে ৷ ইংৰাজ বিৰোধী আন্দোলনৰ সময়ত অসমলৈ আহিছিল মহাত্মা গান্ধীয়ে ৷

বিভিন্ন স্থানত অশ্ৰয় লৈছিল গান্ধীয়ে ৷ সময়ৰ সোঁতত মহামানৱ মহাত্মা গান্ধীৰ আশ্ৰয় লোৱা স্থানসমূহ সংৰক্ষণৰ বাবে বিশেষ পদক্ষেপ লোৱা হ’ল ৷ নাম দিয়া হৈছিল গান্ধী আশ্ৰম ৷ অসমৰ বিভিন্ন প্ৰান্তত আছে ইতিহাস প্ৰসিদ্ধ ‘গান্ধী আশ্ৰম’ ৷ তেনে এখন আশ্ৰম আছে যোৰহাটৰ সৰ্বাইবন্ধাত ৷ কিন্তু কেনে আছে যোৰহাটৰ সৰ্বাইবন্ধাত থকা গান্ধী আশ্ৰমখন !

ভাৰত স্বাধীনতা হোৱা 75 বছৰ হ’ল ৷ চৰকাৰে পাতিছে স্বাধীনতাৰ অমৃত মহোৎসৱ ৷ ৰূপায়ন কৰা হৈছে বিভিন্ন উন্নয়নমূল আঁচনি ৷ দেশৰ স্বাধীনতাৰ লগত সংগতি থকা স্থানক সংৰক্ষণ কৰি পৰ্যটনস্থলী আৰু ঐতিহ্যক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে । তাৰ পাচতো এলাগী হ’ল যোৰহাটৰ সৰ্বাইবন্ধাত থকা গান্ধী আশ্ৰমখন ৷ বৰ্তমান ধ্বংসস্তূপত পৰিণত হোৱাৰ লগতে ভূত বাংলালৈ পৰিণত হৈছে এসময়ত মহাত্মা গান্ধীয়ে আশ্ৰয় লোৱা সৰ্বাইবন্ধাস্থিত সেই বিশেষ ঘৰটো ৷ যি গান্ধী আশ্ৰমক জনা যায় দ্বিতীয় সাৱৰমতি আশ্ৰম হিচাপে ।

কিন্তু চৰকাৰ অৱহেলা বাবে যোৰহাটৰ এই গান্ধী আশ্ৰম এতিয়া এৰাবাৰীলৈ পৰিণত হৈছে ৷ গছ-লতাই আগুৰি ধৰা আশ্ৰমখনৰ এতিয়া জকোটোহে আছে গৈ ৷ চৰকাৰ তথা যোৰহাট জিলা প্ৰশাসনক ৰাইজে বাৰম্বাৰ এই স্থান সংৰক্ষণ কৰিবৰ বাবে আহ্বান জনাই আহিছে যদিও সকলো পক্ষৰে অৱহেলাৰ বাবে আজিও উপেক্ষিত এই গান্ধী আশ্ৰম । এই অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ প্ৰতি বছৰেই দেশৰ স্বাধীনতা দিৱসৰ পূৰ্বে ৰজা ঘৰে এই আশ্ৰম পৰিভ্ৰমণ কৰি ইয়াক সংৰক্ষণ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে গৃহটোৰ চৌহদৰ হাবি-জংঘল কাটি মুকলি কৰি তোলে ৷ কিন্তু পৰৱৰ্তী সময়ত ই পুনৰ হাবি জংঘলে আৱৰি পৰিণত হয় এৰাবাৰীলৈ ।

উল্লেখযোগ্য যে, যোৰহাট নগৰৰ জে বি ৰোডৰ মাছৰহাট আৰু চকীহাটৰ মাজত আছে কৃষ্ণ নগৰ । উক্ত অঞ্চলতেই অৱস্থিত সাৱৰমতি গান্ধী আশ্ৰম । ১৯৩৪ চনত মহামানৱ মহাত্মা গান্ধীৰ স্বৰাজ নীতিৰ আদৰ্শেৰে গ্ৰাম্যাঞ্চলৰ অৰ্থনৈতিক উন্নয়নৰ হকে এই আশ্ৰম প্ৰতিষ্ঠা কৰিছিল অসমৰ গান্ধীবাদী নেতা, অসম গান্ধী, হৰিজন বন্ধু কৃষ্ণ নাথ শৰ্মাই । স্বাধীনতা আন্দোলনৰ সময়ত মহামানৱ মহাত্মা গান্ধী যোৰহাটলৈ আহিছিল । যোৰহাটলৈ অহাৰ পাচত মহামানৱ মহাত্মা গান্ধীয়ে জিৰণি লৈছিল হৰিজন বন্ধু কৃষ্ণ নাথ শৰ্মাই প্ৰতিষ্ঠা কৰা গৃহটোতে।

এটা সময়ত সেই গৃহটোৰ পৰাই আৰম্ভ হৈছিল কৃষ্ণ নগৰ সমাজ উন্নয়ন কেন্দ্ৰ, চচিয়েল ৱেলফেয়াৰ এডুকেচন, শিশু উন্নয়ন কেন্দ্ৰ, কপাহী কাপোৰ তৈয়াৰ কৰা কেন্দ্ৰ আছিল । যি অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ বহু লোক আহি গৃহটোত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ বিষয়ে আলোচনা কৰিছিল । কিন্তু এতিয়া সেই ৰামো নাই, অযোধ্যাও নাই। ৰজাঘৰ হওক বা প্ৰজাঘৰেই হওক, সকলোৰে অৱজ্ঞাৰ ফলত এতিয়া কালৰ বুকুত বিলীন হোৱাৰ উপক্ৰম ঘটিছে যোৰহাটৰ "সাৱৰমতী গান্ধী আশ্ৰম" আৰু পাহৰণিৰ গৰ্ভত হেৰাই যাবলৈ ধৰিছে গান্ধীবাদী নেতা তথা হৰিজন বন্ধু কৃষ্ণ নাথ শৰ্মা ।

উল্লেখযোগ্য যে কৃষ্ণ নাথ শৰ্মা আছিল এগৰাকী প্ৰকৃতাৰ্থত স্বাধীনতা সংগ্ৰামী । কুলধৰ চলিহা, ৰোহিনী কুমাৰৰ দৰে নেতাৰ সৈতে লগ হৈ কৃষ্ণ নাথ শৰ্মাই কানিৰ ব্যৱহাৰ ৰোধৰ ক্ষেত্ৰত সংগ্ৰাম কৰিছিল । কৃষ্ণ নাথ শৰ্মাক জনা যায় হৰিজন বন্ধু হিচাপে। হৰিজন সকলৰ সৰ্বাংগীন উন্নয়নৰ হকে তেওঁ যথেষ্ট ত্যাগ স্বীকাৰ কৰিছিল । ১৯৩৪ চনত মহাত্মা গান্ধীয়ে যোৰহাটলৈ অহাৰ সময়ত কৃষ্ণনাথ শৰ্মাৰ বাসগৃহৰ নামঘৰ হৰিজন সকলৰ বাবে মুকলি কৰিছিল ।

উক্ত কাৰ্যৰ বাবে কৃষ্ণনাথ শৰ্মাৰ পৰিয়ালক প্ৰায় এটা দশক ধৰি সমাজৰ পৰা সমাজচুত্য কৰি ৰখা হৈছিল । কিন্তু এই কঠোৰ সিদ্ধান্ত ই হৰিজন বন্ধু কৃষ্ণনাথ শৰ্মাৰ কামত কোনো প্ৰভাৱ পেলাব পৰা নাছিল। বৰঞ্চ ইয়াৰ পাচত তেওঁ হৰিজন সকলৰ বাবে ১২ খন বিদ্যালয় নিজা প্ৰচেষ্টাত মুকলি কৰিছিল । কিন্তু হৰিজন বন্ধু কৃষ্ণনাথ শৰ্মাৰ নাম এতিয়া পাহৰণিৰ গৰ্ভত ৷ কৃষ্ণনাথ শৰ্মাৰ সপোনৰ সাৱৰমতি গান্ধী আশ্ৰমক স্থায়ীভাবে সংৰক্ষণ কৰিবলৈ চৰকাৰ সময় হ'ব নে !

লগতে পঢ়ক:Lachit Sena: লাচিত সেনা পাবত গজা সংগঠন নহয়; সংবাদমেলযোগে স্পষ্টীকৰণ

ABOUT THE AUTHOR

...view details