যোৰহাট, 13 জানুৱাৰী:ৰাজ্যত নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি অহাৰ পিছতো গা ল’ৰা নাই একাংশ অপৰাধীৰ (Anti drugs operation in Assam) ৷ প্ৰতিদিনেই অপৰাধীয়ে ন ন কৌশলেৰে নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ লগতে বিভিন্ন অনৈতিক কাৰ্যত লিপ্ত হৈ থকাৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰিছে ৷
শেহতীয়াকৈ ড্ৰাগছ আৰু জুৱাৰ লগতে বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে পূৰ্বতকৈ অধিক কঠোৰ হৈছে যোৰহাট আৰক্ষী (Jorhat Police) ৷ ড্ৰাগছ আৰু জুৱাৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ সময়তে বৃহস্পতিবাৰে যোৰহাট আৰক্ষীয়ে লাভ কৰে আন এক সফলতা ৷ 12 জানুৱাৰীত যোৰহাট আৰক্ষীয়ে অভিযান চলাই আটক কৰে চাৰিটাকৈ জুৱা সম্ৰাটক(Gambling emperor arrested in Jorhat) ৷
প্ৰাপ্ত তথ্য অনুসৰি, যোৰহাট আৰক্ষীয়ে অভিযান চলাই নগৰৰ ৰজামৈদাম নিউ কলনীৰ পৰাৰ জুৱা খেলি থকাৰ অৱস্থাতে জুৱাৰী চাৰিটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Four gamblers in Jorhat)। গ্ৰেপ্তাৰ হোৱা জুৱাৰীকেইটা হ’ল আমিন আলী, মহিবুদ্দিন আলী, পাপু আলী আৰু মকিবুৰ ৰহমান ৷ আৰক্ষীয়ে জুৱাৰীকেইটা পৰাৰ কাৰ্ড, 27,410 টকা নগদ ধন আৰু চাৰিটা মবাইল ফোন জব্দ কৰিছে ৷ আৰক্ষীয়ে জুৱাৰীকেইটাৰ বিৰুদ্ধে যোৰহাট সদৰ থানাত 22/23 নম্বৰত আসাম গেম্বলিং এক্টৰ 14/15/16 ৰ অধীনত এটা গোচৰ পঞ্জীয়ন কৰি ধৃত আটাইকে আদালতত হাজিৰ কৰাই জে’ললৈ প্ৰেৰণ কৰে ৷