অসম

assam

By

Published : Jun 4, 2021, 1:31 PM IST

ETV Bharat / state

যোৰহাটৰ স্বাধীনতা সংগ্ৰামী দেৱেশ্বৰ দলৈৰ পৰলোক প্ৰাপ্তি

যোৰহাটৰ স্বাধীনতা সংগ্ৰামী দেৱেশ্বৰ দলৈৰ দেহৱসান ঘটে ৷ তিনিদিন পূৰ্বে দেৱেশ্বৰ দলৈৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰিছিল ৷ বৃহস্পতিবাৰে পুৱা তেখেতে শেষ নিশ্বাস ত্যাগ কৰে ৷

freedom-fighter-doli-passaaway
যোৰহাটৰ স্বাধীনতা সংগ্ৰামী দেৱেশ্বৰ দলৈৰ পৰলোক প্ৰাপ্তি

যোৰহাট, 4 জুন : যোৰহাটৰ স্বাধীনতা সংগ্ৰামী দেৱেশ্বৰ দলৈৰ পৰলোক প্ৰাপ্তি ৷ সংগ্ৰামী দলৈৰ ক’ভিড ১৯ত আক্ৰান্ত হৈ মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৯ বছৰ ৷ পৰিয়ালৰ লোকে জানোৱা মতে, তিনিদিন পূৰ্বে দেৱেশ্বৰ দলৈদেৱৰ আক্ৰান্ত হৈছিল ক’ভিডত ৷

উল্লেখ্য যে, দেৱেস্বৰ দলৈ সদৌ অসম মুক্তি যুঁজাৰু সন্থাৰো সভাপতি আছিল ৷ গুৱাহাটীৰ ৰূপ নগৰ স্থিত মুক্তি যুঁজাৰু কাৰ্য্যালয়ৰ নিৰ্মাণৰ কাম হৈছিল এইগৰাকী স্বাধীনতা সংগ্ৰামীৰ সভাপতিত্বৰ কালতে ৷ ইয়াৰ লগতে যোৰহাটৰ মুক্তি যুঁজাৰু ভৱন নিৰ্মাণৰ গুৰি ধৰোতাও আছিল দেৱেশ্বৰ দলৈ ৷

যোৰহাটৰ স্বাধীনতা সংগ্ৰামী দেৱেশ্বৰ দলৈৰ পৰলোক প্ৰাপ্তি

যোৰহাটৰ পৰা টিয়কলৈ মহাত্মা গান্ধীৰ সৈতে গৈছিল স্বাধীনতা সংগ্ৰামী দেৱেশ্বৰ দলৈ ৷ কুশল কোঁৱৰৰ লগত একেটা কাৰাগাৰৰ কোঠাতে কাৰাবন্দী হৈ আছিল এইগৰাকী স্বাধীনতা সংগ্ৰামী ৷ দেৱেশ্বৰ দলৈয়ে পত্নীসহ তেওঁৰ চাৰিজন পুত্ৰ-বোৱাৰীৰ লগতে নাতি নাতিনীক এই সংসাৰত এৰি থৈ যায় ৷ তেওঁৰ মৃত্যুত সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে ৷
লগতে পঢ়ক : এখন বিশেষ গাঁও : ঘৰ থাকিও মানুহে বসবাস কৰে টঙিঘৰত

ABOUT THE AUTHOR

...view details