অসম

assam

ETV Bharat / state

দৈয়াং আঞ্চলিক ছাত্র সন্থাৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ - গোলাঘাট জিলা ছাত্ৰ সন্থা

গুণগত শিক্ষাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক উচ্চ শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে গোলাঘাট জিলাৰ দৈয়াং আঞ্চলিক ছাত্ৰ সন্থাই গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ পাঠ্যপুথি বিতৰণ ছাত্ৰ সংগঠনটোৰ ৷

free textbooks Distribution at golaghat
দৈয়াং আঞ্চলিক ছাত্র সন্থাৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ

By

Published : Sep 28, 2021, 1:06 PM IST

তিতাবৰ, 28 ছেপ্টেম্বৰ : অসম-নাগালেণ্ড সীমান্তৱৰ্তী বৃহত্তৰ দৈয়াং অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশত আগবঢ়াই নিয়াৰ বাবে দৈয়াং আঞ্চলিক ছাত্ৰ সন্থাই যুগুত কৰি উলিয়াইছে এলানি শৈক্ষিক কাৰ্যসূচী । তাৰেই অংশস্বৰূপে দৈয়াং আঞ্চলিক ছাত্ৰ সন্থাই সোমবাৰে শতাধিক ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰে পাঠ্যপুথি ।

দৈয়াং আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকলে প্ৰথম পৰ্যায়ত মেৰাপানীৰ দৈয়াং মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰায় চাৰি শতাধিক শিক্ষাৰ্থীক পাঠ্যপুথি প্ৰদানৰ ব্যৱস্থা কৰিছে । উল্লেখযোগ্য যে, বিগত বৰ্ষত দৈয়াং আঞ্চলিক ছাত্ৰ সন্থাই গঠন কৰা "বুক বেংক"ৰ জৰিয়তে বিনামূলীয়া পাঠ্যপুথি লাভ কৰি প্ৰায় তিনি শতাধিক ছাত্ৰ-ছাত্ৰী উপকৃত হৈছে ।

দৈয়াং আঞ্চলিক ছাত্র সন্থাৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ

পাঠ্যপুথি বিতৰণ অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন সোণোৱাল । নিৰঞ্জন সোণোৱালে দৈয়াং আঞ্চলিক ছাত্ৰ সন্থাৰ এনে সময়োপযোগী পদক্ষেপক প্ৰশংসা কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক ক'ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি শিক্ষাজীৱন আগুৱাই নিয়াৰ বাবে আহ্বান জনায় ।

দৈয়াং আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক অৰুণ বৰাই আঁতধৰা অনুষ্ঠানটোত জিলা ছাত্ৰ সন্থাৰ কেইবাগৰাকী বিষয়ববীয়াৰ লগতে একাংশ অভিভাৱকো উপস্থিত থাকে । ইফালে পাঠ্যক্ৰমৰ সকলো পুথি বিনামূলীয়াকৈ লাভ কৰি উৎফুল্লিত হৈ পৰা ছাত্ৰ-ছাত্ৰীসকলে দৈয়াং আঞ্চলিক ছাত্ৰ সন্থাক কৃতজ্ঞতা জনায় । উল্লেখ্য যে, ছাত্ৰ সন্থাৰ এনে হিতৈষী পদক্ষেপৰ ফলত আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে যথেষ্ঠ সকাহ লাভ কৰিছে ।

লগতে পঢ়ক :দিছপুৰৰ বৰ ঘৰত সন্দেহযুক্ত নাগৰিকৰ বেদখল

ABOUT THE AUTHOR

...view details