অসম

assam

অখিল গগৈৰ মুক্তি তথা উন্নত চিকিৎসাৰ দাবীত টীয়কত প্ৰতিবাদ

By

Published : Jul 8, 2020, 4:41 PM IST

কৃষক নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰক মুক্তিৰ দাবীত টীয়কত কৃষক মুক্তি সংগ্ৰাম সমিতি ,অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ লগতে বিভিন্ন দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদ ৷

free-akhil-gogoi-protest-at-teok
কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত টীয়কত প্ৰতিবাদ

টীয়ক,8 জুলাইঃ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ আহ্বানত বুধবাৰে টীয়ক আৰক্ষী থানাৰ সন্মুখত মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বহুকেইটা জাতীয় সংগঠনে ৷

কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত টীয়কত প্ৰতিবাদ

জাতীয় সংগঠনকেইটাই 'অখিল গগৈক মুক্তি দিয়ক', 'ধৈৰ্য কোঁৱৰক মুক্তি দিয়ক', 'বিতু সোণোৱালক মুক্তি দিয়ক',' মানস কোঁৱৰক মুক্তি দিয়ক', 'অখিল গগৈক উন্নত চিকিৎসা প্ৰদান কৰক', 'বিতু সোণোৱালক উন্নত চিকিৎসা প্ৰদান কৰক', 'বি জে পি হুচিয়াৰ', 'আমাক NIA নালাগে, ন্যায় লাগে' আদি লিখিত প্লেকাৰ্ড লৈ অৰ্ধ শতাধিক কৰ্মীয়ে প্রায় এঘণ্টা সময় মানৱ শৃংখলৰ জৰিয়তে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল, মানস কোঁৱৰক মুক্তি দিয়াৰ লগতে বৰ্তমান অখিল গগৈ, বিতু সোণোৱালৰ শৰীৰত যিহেতু কৰ'ণাৰ লক্ষণে দেখা দিছে সেয়ে তেওঁলোকক উন্নত চিকিৎসা প্ৰদানৰ দাবী জনাইছে প্ৰতিবাদকাৰী সকলে।
লগতে পঢ়কঃঅসমত ব্যাপক হাৰত বৃ্দ্ধি পাইছে কোভিড-19 আক্ৰান্তৰ সংখ্যা

ABOUT THE AUTHOR

...view details