অসম

assam

ETV Bharat / state

টীয়কত পেলনীয় জাবৰেৰে ফৰ’লেন নিৰ্মান - জাবৰ যুক্ত মাটি

এমাহ নৌহওতে ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ পথৰ দুৰৱস্থা ৷ নিম্নমানৰ ইটা,শিল আৰু জাবৰ যুক্ত মাটিৰে দ অংশ পুতি পথ নিৰ্মাণ কৰাত জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে পথটোৱে ।

টীয়কত পেলনীয় জাবৰেৰে ফৰ’লেন নিৰ্মান
টীয়কত পেলনীয় জাবৰেৰে ফৰ’লেন নিৰ্মান

By

Published : Dec 20, 2020, 1:32 PM IST

টীয়ক, 20 ডিচেম্বৰ :যোৰহাট বাইপাচৰ পৰা জাঁজী দলং পৰ্যন্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বৰ্তমান কৰ্মৰত লিংকন নামৰ নিৰ্মাণ সংস্থাটোৱে অতি নিম্ন মানৰ কাম অব্যাহত ৰখাত পথটোৰ নিৰ্মাণৰ এমাহ নৌহওতেই পথটোৰ কেইবা ঠাইত জৰাজীৰ্ণ ৰূপ পৰিলক্ষিত হৈছে ।

টীয়কত পেলনীয় জাবৰেৰে ফৰ’লেন নিৰ্মান

বোকা, মেটেকাৰ ওপৰতে মাটি পেলাই ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণৰ কাম অব্যাহত ৰখাত পথটোৰ স্থায়ীত্বকলৈ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । ইটা, শিল, জাবৰযুক্ত মাটিৰে দ অংশ সমূহ পুতি পথ নিৰ্মাণ কৰাৰ বাবে পথটোৰ নিৰ্মাণৰ পাছতে পথটোয়ে জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে ।

উল্লেখযোগ্য যে কেৱল মাত্ৰ শিলগুটি আৰু বালিৰ তৰপ দিয়েই ওপৰত ব্লেক টেপিং কৰি কাম অব্যাহত ৰাখিছে । এই ক্ষেত্ৰত বিভিন্নজনে প্ৰতিবাদ কৰিছে যদিও প্ৰতিষ্ঠানটোৱে কাৰো কথা গুৰুত্ব প্ৰদান নকৰি নিতৌ নিজৰ দ্বায়িত্ব পালনত ব্যস্ত হৈ পৰিছে ।

লগতে পঢ়ক:আগ্ৰাৰ ৰাজপথত দিনতে অধিবক্তাক গুলিয়াই হত্যা

ABOUT THE AUTHOR

...view details