মৰিয়নী, 25 মাৰ্চ :আজি মৰিয়নিত স্থাপন কৰা হয় 14 টাকৈ পথৰ আধাৰশিলা ৷ মৰিয়নী সমষ্টিৰ ইতিহাসত প্ৰথমবাৰৰ বাবে একেদিনাই ৩২ কোটি টকা ব্যয় সাপেক্ষে ১৪ টা পথৰ আধাৰশিলা স্থাপন কৰা হয় বুলি উল্লেখ কৰে স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । মুঠ ৩৫ কিলোমিটাৰ দৈৰ্ঘৰ পথৰ বাবে আধাৰশিলা স্থাপন কৰে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে (Foundation stone for road construction at Mariani)।
আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰৰ পাছত মৰিয়নি সমষ্টিৰ ইতিহাসত একেদিনাই পোন প্ৰথমবাৰৰ বাবে উন্নয়নৰ বাবদ ৩২ কোটি টকাৰ অনুদান লাভ কৰা বুলি উল্লেখ কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । অসম বিধানসভাৰ ১০১ নং মৰিয়নী সমষ্টিৰ ১৪ টা পথৰ পুনৰ নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰী পকী পথ আচঁনিৰ অন্তৰ্গত এই ধনৰ আবণ্টন লাভ কৰিছে বুলি জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে । মৰিয়নী সমষ্টিৰ বিভিন্ন গাওঁ আৰু চাহ বাগিচাক মূল পথৰ সৈতে সংলগ্ন কৰাৰ বাবে ৩২ কোটি টকা ব্যয় সাপেক্ষে মুঠ ৩৫ কিলোমিটাৰ পথৰ পকীকৰণ কৰা হ’ব বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে (Foundation stone laid for 14 important roads at Mariani) ।