টীয়ক, 2 নৱেম্বৰ:যোৰহাট জিলাৰ ৰাজৈ চাহ বাগিচাত আদৰ্শ হাইস্কুলৰ আধাৰশিলা স্থাপন ৷ অসম চৰকাৰৰ অভিলাষী আচঁনিৰ অধীনত সোমবাৰে যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে আদৰ্শ হাইস্কুলৰ আধাৰশিলা স্থাপন কৰে ৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি বৰ্তমানৰ মিত্ৰজোঁটৰ চৰকাৰৰ কামকাজৰ খতিয়ান দাঙি ধৰাৰ লগতে বাগিচা অঞ্চলত এনে ধৰনৰ বিদ্যালয় স্থাপনে বাগিচাৰ লোক সকলৰ জীৱন ধাৰণৰ মান উন্নত কৰিব বুলি গগৈয়ে মন্তব্য প্ৰদান কৰে ।
টীয়কৰ ৰাজৈ বাগিচাত আদৰ্শ হাইস্কুলৰ আধাৰশিলা স্থাপন - মাহাৰা গাঁৱ
যোৰহাটত আদৰ্শ হাইস্কুলৰ আধাৰশিলা স্থাপন ৷ যোৰহাটৰ টীয়কৰ ৰাজৈ বাগিচাত আধাৰশিলা স্থাপন কৰে সাংসদ তপন কুমাৰ গগৈয়ে ৷ বাগিচা অঞ্চলত এনে ধৰনৰ বিদ্যালয় স্থাপনে বাগিচাৰ লোক সকলৰ জীৱন ধাৰনৰ মান উন্নত কৰিব বুলি মন্তব্য গগৈৰ ৷
উল্লেখ যে, ৰাজ্য চৰকাৰে সমগ্ৰ অসমৰ চাহ বাগিচা সমুহত মুঠ ১১৯ খন আদৰ্শ বিদ্যালয় স্থাপনৰ এক অভিলাষী আঁচনি হাতত লৈছে । ইয়াৰ অংশ হিচাপে সোমবাৰে টীয়ক ৰাজৈ চাহ বাগিচাত অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগ ( গৃহ) ৰ দ্বাৰা নিৰ্মিত আদৰ্শ বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হয় ৷
আদৰ্শ বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে সাংসদ গৰাকীয়ে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত টীয়কৰ মাহাৰা গাঁৱৰ মূল পথটোৰ পকীকৰণৰ আধাৰশিলাও স্থাপন কৰে । উক্ত দুয়োটা অনুষ্ঠানত স্থানীয় বিধায়িকা ৰেণুপমা ৰাজখোৱা প্ৰমুখ্যে দুয়োটা দলৰে কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।
লগতে পঢ়ক:তেজপুৰত মডেল হাইস্কুলৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ