অসম

assam

ETV Bharat / state

কংগ্ৰেছ বা কংগ্ৰেছৰ নেতাৰ কথা মোক নক’ব, শুনিবই নিবিচাৰোঁ: ৰূপজ্যোতি কুৰ্মী - Nyay Yatra Assam

MLA Rupjyoti Kurmi: কংগ্ৰেছ দল অথবা কংগ্ৰেছ নেতাৰ কথা এতিয়া শুনিবই নিবিচাৰে প্ৰাক্তন কংগ্ৰেছী ৰূপজ্যোতি কুৰ্মী ৷ কংগ্ৰেছ দলত থকা দিনবোৰক লৈ বিধায়কগৰাকী এতিয়া অনুতপ্ত ৷ নিজকে যুৱনেতা হিচাবে আখ্যা দি ৰাহুল গান্ধীৰ প্ৰসংগ এৰাই চলিব বিচাৰিছে বহুবল্কী বিধায়কগৰাকীয়ে ৷

MLA Rupjyoti Kurmi
তিতাবৰত বিধায়ক ৰূপজ্যোতি গগৈ

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 3:42 PM IST

তিতাবৰত বিধায়ক ৰূপজ্যোতি গগৈ

যোৰহাট, 17 জানুৱাৰী: ‘‘কোন যুৱ নেতা ? মই নিজেই যুৱ নেতা ৷ বিধায়ক হৈ আছোঁ ৷ আহিছে মানুহ, গৈছে মানুহ, এইবোৰ চলি থাকিব ৷ সেইবোৰ লৈ আমি একো চিন্তা কৰা নাই ৷’’ ৰাহুল গান্ধীৰ নেতৃত্বত অব্যাহত থকা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰসংগত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত এইদৰে কয় মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷

বহুবল্কী বিধায়কগৰাকীয়ে লগতে কয় যে কংগ্ৰেছত থাকি তেওঁ যথেষ্ট পস্তালে ৷ কংগ্ৰেছত তেওঁ থাকিবই নালাগিছিল বুলি কৈ বহু আগতেই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা উচিত আছিল বুলি মন্তব্য কৰে ৷ স্বাধীনোত্তৰ 70 বছৰে কংগ্ৰেছৰ চৰকাৰ থকাৰ কথা উল্লেখ কৰি বিধায়ক কুৰ্মীয়ে কয়, ‘‘ মোৰ মা তিনিবাৰ কংগ্ৰছৰ বিধায়ক আছিল ৷ মই চাৰিবাৰ কংগ্ৰেছৰ বিধায়ক হিচাবে থাকিলোঁ ৷ কিন্তু কোনোদিনে কংগ্ৰেছৰ চৰকাৰৰ দিনত ডাঙৰ অনুষ্ঠান-প্ৰতিষ্ঠান এটা নাপালোঁ মৰিয়নি সমষ্টিত ৷ কিন্তু ভাৰতীয় জনতা পাৰ্টিলৈ যোৱা দুবছৰ নহওতেই এখন আইন মহাবিদ্যালয় পালো, 100 খন বিচনাযুক্ত চিকিৎসালয় পালো, আউনীআটি সত্ৰৰ বিশ্ববিদ্যালয় পালো, এখন নতুন মডেল কলেজ পালো, কেবাখনো মডেল স্কুল পালো, কেবাখনো দলং পালো...৷’’ এনেদৰে বিজপি চৰকাৰৰ দিনত তেওঁ লাভ কৰা সম্পদসমূহৰ তালিকা ব্যক্ত কৰে বিধায়কগৰাকীয়ে ৷

ৰাহুল গান্ধীৰ প্ৰসংগত সাংবাদিকৰ সন্মুখত তেওঁ কয়, ‘‘কংগ্ৰেছ বা কংগ্ৰেছৰ নেতাৰ কথা মোক নক’ব ৷ মই শুনিবই নিবিচাৰোঁ ৷ তেওঁলোকৰ কামো নাই, তেওঁলোক অতীত হ’ল ৷ ডুবন্ত নাও কংগ্ৰেছ দলটোৰ বিষয়ে মোক নোসোধাই ভাল ৷’’

উল্লেখ্য যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তিতাবৰতো বুধবাৰে খাদ্য সুৰক্ষা আইন-২০১৩ ৰ অংশ হিচাবে ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰা হয় । যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী তথা বিত্তমন্ত্ৰী অজন্তা নেওগে আনুষ্ঠানিকভাৱে বিতৰণ কৰিলে এই ৰেচন কাৰ্ডসমূহ । তিতাবৰ মহকুমাৰ 7240 টা পৰিয়ালক প্ৰদান কৰা হয় ৰেচন কাৰ্ড । উক্ত অনুষ্ঠানতে উপস্থিত থাকে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷

লগতে পঢ়ক:ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা; নাগালেণ্ডত জনসাধাৰণৰ ব্যাপক সঁহাৰি

ABOUT THE AUTHOR

...view details