" মুখ্যমন্ত্ৰীৰ বিয়া সবাহ খাবলৈ সময় ওলাই কিন্তু ডাঃ দেবেন দত্তৰ পৰিয়ালৰ খবৰ ল'বলৈ সময় নোলায় " - তিতাবৰ
2021 চনৰ বিধানসভা নিৰ্বাচনত পুনৰ তিতাবৰৰ পৰা নিৰ্বাচনত প্ৰতিদন্দিতা কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ সোমবাৰে যোৰহাটৰ বিষ্টুৰাম বৰুৱা হলত অনুষ্ঠিত কংগ্ৰেছৰ বিশেষ কৰ্মী সভাত উপস্থিত থাকি এই কথা জানিবলৈ দিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
যোৰহাট, 09 চেপ্তেম্বৰঃ 2021 চনৰ বিধানসভা নিৰ্বাচনত পুনৰ তিতাবৰৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ সোমবাৰে যোৰহাটৰ বিষ্টুৰাম বৰুৱা হলত অনুষ্ঠিত কংগ্ৰেছৰ বিশেষ কৰ্মী সভাত উপস্থিত থাকি এই কথা জানিবলৈ দিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ যোৰহাটৰ টীয়ক চাহ বাগিচাত সংঘটিত ডাঃ দেবেন দত্তৰ হত্যাকাণ্ডৰ কথা উল্লেখ কৰি গগৈয়ে কয় যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিয়া সবাহ খাবলৈ সময় উলাই কিন্তু টীয়কৰ ঘটনাৰ খবৰ ল'বলৈ আহৰি নাই ৷ ইয়াৰ লগতে এন আৰ চি সন্দৰ্ভতো তেওঁ গৃহ মন্ত্ৰী অমিত শ্বাহৰ ভূমিকাক সমালোচনা কৰে ৷ ইয়াৰোপৰি বিজেপি চৰকাৰৰ নীতি ভুল হোৱাৰ কাৰণেই দেশৰ অৰ্থনৈতিক অৱস্থা শোচনীয় হৈছে বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে ৷