মাছত বিষাক্ত ফৰ্মেলিনৰ অৱস্থিতি যোৰহাট, 2 আগষ্ট : আপুনি মাছ খায় ভাল পায় নি ? তেন্তে সাৱধান কিয়নো মৰিয়নীৰ মাছৰ বজাৰত বিষাক্ত ফৰ্মেলিনৰ অৱস্থিতি । বহিঃৰাজ্যৰ পৰা অসমলৈ আমদানিকৃত চালানী মাছত মানৱ দেহৰ বাবে বিষাক্ত ফৰ্মেলিনৰ অৱস্থিতি ধৰা পৰিছে । শেহতীয়াকৈ মৰিয়নীৰ মাছৰ বজাৰত আমদানিকৃত চালানী মাছত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ নামৰ সৎগঠনটোৱে পৰীক্ষাৰ বাবে ব্যৱহাৰ কৰা কীটত ধৰা পৰিছে ফৰ্মেলিনৰ অৱস্থিতি ।
পৰৱৰ্তী সময়ত সংগঠনটোৱে বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰাৰ পিছত জিলাখনৰ খাদ্য সুৰক্ষা বিভাগে মৰিয়নী মাছৰ বজাৰৰ পৰা জব্দ কৰে ফৰ্মেলিনযুক্ত মাছ ৷ লগতে নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে । উল্লেখ কৰা প্ৰয়োজন যে, পুতৌজনকভাৱে খাদ্য সুৰক্ষা বিভাগৰ হাতত নাই ফৰ্মেলিন পৰীক্ষা কৰিবলৈ নিম্নতম কীটটো পৰ্যন্ত ।
মাছ বজাৰৰ বেপাৰীৰ জেপত খাদ্য সুৰক্ষা বিভাগৰ একাংশ বিষয়া সোমাই আছে বুলি পূৰ্বৰ পৰাই গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে । ইতিমধ্যে ইয়াৰ আগতে যোৰহাটত চলা অভিযানত মাৰাত্মক ফৰ্মেলিন মাছৰ দেহত উদ্ধাৰ হোৱাৰ পিছতো খাদ্য সুৰক্ষা বিভাগে মৰিয়নীৰ বজাৰত কোনো অভিযান চলোৱা নাছিল বুলি বিভাগীয় বিষয়াই সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰে এই কথা ।
উল্লেখ্য যে, মৰিয়নীৰ মাছৰ বজাৰৰ পৰা উজনি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যলৈও এই আমদানিকৃত মাছসমূহ যোগান ধৰা হয় । কিন্ত তাৎপৰ্যপূৰ্ণ বিষয় যে, আমদানিকৃত মাছত বিষাক্ত ফৰ্মেলিন ওলোৱাৰ পিছতো ইমান দিনে মৰিয়নীৰ দৰে এই বৃহৎ মাছৰ বজাৰত কীটৰ জৰিয়তে পৰীক্ষা নকৰাটো এক আশ্চৰ্য বিষয় হিচাপে পৰিগণিত হৈছে আৰু বিভাগটো সন্দৰ্ভত ৰাইজৰ মাজত বিভিন্ন ধৰণৰ প্ৰশ্নৰ অৱতাৰণা হৈছে ।
লগতে পঢ়ক :ISIS agents in UP: উত্তৰ প্ৰদেশত পাকিস্তানে মেলিছে চোৰাংচোৱা