যোৰহাট,31 অক্টোবৰ: 60 বছৰীয়া হল অৰণ্য মানৱ যাদৱ পায়েং ৷ প্ৰকৃতিৰ প্ৰতি থকা অগাধ ভালপোৱা আৰু প্ৰকৃতিৰ বাবে কৰা কৰ্মৰাজিৰ বাবে 2012 চনতে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে"অৰণ্য মানৱ" উপাধিৰে বিভূষিত কৰা যাদৱ পায়েঙৰ জন্ম হৈছিল 1963 চনত যোৰহাটত ৷
নিজৰ জন্মদিনত ETV Bharatৰ শলাগ ললে যাদৱ পায়েঙে - যাদৱ পায়েঙৰ 60 তম জন্মদিৱস উদযাপন
প্ৰকৃতিৰ প্ৰতি থকা অগাধ প্ৰেমেই 4000 বিঘাৰ বৰলুইতৰ চাপৰিত এখন অৰণ্য সৃষ্টি কৰিবলৈ প্ৰেৰণা যোগোৱা "পদ্মশ্ৰী" সন্মানৰে সন্মানিত যাদৱ পায়েঙে ব্যতিক্ৰমী ৰূপত উদযাপন কৰিলে নিজৰ 60 সংখ্যক জন্মদিন ৷

প্ৰকৃতিৰ প্ৰতি থকা অগাধ প্ৰেমেই 4000 বিঘাৰ বৰলুইতৰ চাপৰিত এখন অৰণ্য সৃষ্টি কৰিবলৈ প্ৰেৰণা যোগোৱা "পদ্মশ্ৰী" সন্মানৰে সন্মানিত যাদৱ পায়েঙে ব্যতিক্ৰমী ৰূপত উদযাপন কৰিলে নিজৰ 60 সংখ্যক জন্মদিন ৷ মুলাই কাঠনিত এজোপা বৰ গছৰ পুলি ৰোপণৰে নিজৰ বিশেষ দিনটোৰ আৰম্ভণি কৰে অৰণ্য মানৱ গৰাকীয়ে৷ পৰৱৰ্তী সময়ত কণ কণ শিশু সকলৰ মাজত গছ পুলি বিতৰণ কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ পাৰত ৰঙা আৰু বগা চন্দনৰ পুলি ৰোপন কৰে পায়েঙে ৷
উল্লেখ্য যে, ETV Bharatৰ প্লাষ্টিক মুক্ত ভাৰতৰ প্ৰচেষ্টাক শলাগ লোৱাৰ লগতে সকলোকে এই প্ৰচেষ্টাৰ অংশীদাৰ হ'বলৈ আহ্বান জনায় ৷