অসম

assam

Forest worker death: পুৰণিকলীয়া অস্ত্ৰৰে চলিছে বনবিভাগ, হাতীয়ে খেদি আহোঁতে নুফুটিল বনকৰ্মীৰ বন্দুক

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 2:08 PM IST

বন বিভাগৰ শোচনীয় ৰূপ ৷ বনকৰ্মীয়ে বন্যহস্তীলৈ লক্ষ্য কৰি গুলী ফুটুৱাৰ সময়তে গুলী নুফুটাৰ বাবে প্ৰাণ গ’ল বনকৰ্মীৰ ৷

forest department is running with old fashioned weapons
পুৰণিকলীয়া অস্ত্ৰৰে চলিছে বনবিভাগ

পুৰণিকলীয়া অস্ত্ৰৰে চলিছে বনবিভাগ

যোৰহাট, 29 ছেপ্টেম্বৰ : পুৰণিকলীয়া অস্ত্ৰৰে চলিছে ৰাজ্য বিয়াগোম বন বিভাগ। বনকৰ্মীয়ে বন্যহস্তীলৈ লক্ষ্য কৰি গুলী ফুটুৱাৰ সময়তে গুলী নুফুটাৰ বাবে প্ৰাণ গ’ল বনকৰ্মীৰ ৷ ইফালে আহত বন কৰ্মীক হাস্পতাললৈ নিবলৈ নাই পৰ্যাপ্ত বাহন ৷

উল্লেখ্য যে, বৃহস্পতিবাৰৰ নিশা যোৰহাট জিলাৰ তিতাবৰৰ বিজয় নগৰত এজাক বন্যহস্তীয়ে উপদ্ৰৱ চলোৱাৰ লাভ কৰি বনকৰ্মীৰ এটা দলে সেই স্থানত উপস্থিত হয় ৷ বন কৰ্মীৰ দলটোৱে নিশা প্ৰায় 2 মান বজাত হাতী খেদিবলৈ যাওঁতেই বনৰীয়া হাতীয়ে বনকৰ্মীজনক খেদা মাৰি আহে ৷ সেই সময়তে লোকজনে হাতত থকা বন্দুকেৰে গুলী চলাবলৈ লওঁতেই আওপুৰণি বন্দুকটোৰ পৰা গুলী নুফুটে ৷ ফলত হাতীৰ আক্ৰমণত থিতাতে নিহত হয় অতুল কলিতা(51) নামৰ কৰ্মীজন ৷ ইয়াৰ লগতে তিনিগৰাকী বনকৰ্মী আহত হয় ৷ আহত তিনিগৰাকী হৈছে ৰাজীৱ বৰগোহাঁই, পৰাগ দত্ত আৰু গীৰেন মাহাতু ৷

এই ঘটনাৰ পিচতে স্থানীয় লোক আৰু সতীৰ্থ বন কৰ্মীয়ে মৃত বনকৰ্মীজনৰ মৃতদেহ যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ লৈ যায় ৷ কিন্তু আঘাতপ্ৰাপ্ত আন তিনিগৰাকী বনকৰ্মীক চিকিৎসালয়লৈ নিবলৈ গাড়ীৰ অভাৱ বন বিভাগৰ ৷ ফলত পুৱতি নিশা সাংবাদিকৰ গাড়ীয়ে আঘাতপ্ৰাপ্ত বনকৰ্মী তিনিগৰাকীক মৰিয়নী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ পৰা লৈ যায় ৷ এই ঘটনাৰ পিচতে পুৰণিকলীয়া আওপুৰণি বন্দুকৰ বাবে বনকৰ্মীৰ মৃত্যু হ’ব লগা হয় বুলি স্বীকাৰোক্তি প্ৰদান কৰে সতীৰ্থ বনকৰ্মীয়ে ৷

লক্ষণীয় যে, ৰাজ্যজুৰি হাতী মানুহৰ সংঘাতৰ ঘটনা প্ৰায় প্ৰতিদিনেই সংঘটিত হৈ অহাৰ পিচতো, এনেদৰে বন বিভাগৰ এই শোচনীয়া অৱস্থাই কিমান সুৰক্ষিত কৰিব সাধাৰণ জনতাক ৷

লগতে পঢ়ক:Forest worker death: বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল এজন বনকৰ্মীৰ, তিনিজন গুৰুতৰভাৱে আহত

ABOUT THE AUTHOR

...view details