অসম

assam

ETV Bharat / state

বন বিভাগৰ নিৰ্লজ্জ কাণ্ড: প্ৰলোভন দি বাঘ ধৰাৰ দ্বায়িত্ব দিলে গঞাক - forest guard used tea garden laborers to trap leopard risking lives

মৰিয়নীৰ শিলিখা চাহ বাগিচাত উদং হ’ল বন বিভাগৰ স্বৰূপ ৷ আঘাতপ্ৰাপ্ত নাহৰফুটুকী এটাকো উদ্ধাৰ কৰিব নোৱাৰি ধনৰ প্ৰলোভনেৰে দ্বায়িত্ব দিলে স্থানীয় লোকক ৷ স্থানীয় লোকে নাহৰফুটুকীটো চোঁচৰাই নি গাড়ীত উঠাই দিয়াৰ পিছৰখিনি দ্বায়িত্বহে পালন কৰিলে বন বিভাগে (forest guard used tea garden laborers to trap leopard risking lives) ৷

Leopard Rescued by Villagers
প্ৰলোভন দি বাঘ ধৰাৰ দ্বায়িত্ব দিলে গঞাক

By

Published : Feb 24, 2022, 8:09 PM IST

যোৰহাট, 24 ফেব্ৰুৱাৰী: মৰিয়নী বন বিভাগৰ নিৰ্লজ্জ কাণ্ড ৷ টকাৰ প্ৰলোভন দি আঘাতপ্ৰাপ্ত নাহৰফুটুকী বাঘ উদ্ধাৰ কৰালে চাহ শ্ৰমিকৰ হতুৱাই (forest guard used tea garden laborers to trap leopard risking lives)৷ বন বিভাগৰ সন্মুখতে আঘাতপ্ৰাপ্ত নাহৰফুটুকী বাঘক চুচৰালে শ্ৰমিকে ৷

মৰিয়নীৰ শিলিখা চাহ বাগিচাত উদ্ধাৰ হ’ল এটা নাহৰফুটুকী বাঘ ৷ বাগিছাখনৰ শ্ৰমিকে বাগানৰ নলাৰ পৰা উদ্ধাৰ কৰে আঘাতপ্ৰাপ্ত নাহৰফুটুকীটো ৷ বন বিভাগৰ লোকে আঘাতপ্ৰাপ্ত বাঘটো ধৰি দিয়াৰ বিনিময়ত টকাৰ প্ৰলোভন দিছিল শ্ৰমিকক । একাংশ লোকে আঘাতপ্ৰাপ্ত বাঘটো বহু দূৰ চোঁচৰাই নিয়ে যদিও উপস্থিত বনকৰ্মী আৰু আৰক্ষীৰ কোনো আগবাঢ়ি নাহি মাথো নিৰৱ দৰ্শকক হৈ চাই থাকিল ৷

প্ৰলোভন দি বাঘ ধৰাৰ দ্বায়িত্ব দিলে গঞাক

আঘাতপ্ৰাপ্ত বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ সামান্যতম ব্যৱস্থাও হাতত নল’লে বন বিভাগে ( Mariani Forest Range Office)৷ পুৱাই এই সন্দৰ্ভত চাহ বাগিচাৰ লোকসকলে বন বিভাগক অৱগত কৰায় যদিও 7 ঘন্টা ধৰি বাগিচাৰ নলাটোতে আৱদ্ধ হৈ থাকে আঘাতপ্ৰাপ্ত নাহৰফুটুকীটো ৷ নীৰৱ দৰ্শকৰ ভূমিকাত থকা বন বিভাগে অৱশেষত স্থানীয় লোকৰ হতুৱাই আঘাতপ্ৰাপ্ত বাঘটো উদ্ধাৰ কৰোৱায় ৷

লগতে পঢ়ক:ৰামদেৱক ধনী কৰিবলৈকে উত্তৰ পূৱৰ জৈৱ-বৈচিত্ৰ ধ্বংস কৰিব বিচাৰিছে মোডী চৰকাৰে

ABOUT THE AUTHOR

...view details