তিতাবৰ, 17 এপ্ৰিলঃ তিতাবৰ মহকুমাৰ অন্তৰ্গত বালিজানত সন্তাসৰ সৃষ্টি কৰা বলিয়া হাতীটোক সংজ্ঞাহীন কৰিবলৈ সক্ষম হয় বন বিভাগ । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অহা এটা দলে হাতীটো সংজ্ঞাহীন কৰিবলৈ সক্ষম হয় ৷
শান্ত হ'ল বালিজানৰ অশান্ত হাতীটো - বন বিভাগ
বাবলি সিং নামৰ লোকজনৰ ঘৰচীয়া হাতীটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰি আহত কৰিছিল দুগৰাকীকৈ লোকক ৷

অৱশেষত সংজ্ঞাহীন বালিজানৰ ঘৰচীয়া হাতীটো
অৱশেষত সংজ্ঞাহীন বালিজানৰ ঘৰচীয়া হাতীটো
অৱশেষত বৰহোলা আৰক্ষীৰ সহযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অহা বন বিভাগৰ দলে হাতীটো সংজ্ঞাহীন কৰিবলৈ সক্ষম হয় ৷ বন বিষয়া বীৰেন পেগুৰ নেতৃত্বত অহা দলে হাতীটো সংজ্ঞাহীন কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে ৷