টীয়ক, ৪ জুন: ৰাজ্যৰ ক'ভিড পৰিস্থিতি এতিয়াও ভয়াৱহ অৱস্থাতে আছে । ক'ভিড আক্ৰান্তৰ সংখ্যা অধিক থকাৰ বাবে বহু অঞ্চল কন্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিবলগীয়া হৈছে । যিসকল ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে তেওঁলোকে বাহিৰত ওলাই যাব পৰা নাই বাবে খাদ্য সামগ্ৰী সংকটত ভূগিছে ।
এনে পৰিয়ালবোৰৰ সমস্যাৰ কথা অনুধাৱন কৰি টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই খাদ্য সামগ্ৰী বিতৰণ কৰাৰ সিদ্ধান্ত লয় । বিধায়িকাগৰাকীৰ নিৰ্দেশতে কোৱাৰেণ্টাইনত থকা কেইবাটাও পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰে সমষ্টিটোৰ অগপ আৰু বিজেপিৰ কৰ্মকৰ্তাসকলে ।