টীয়ক, ৯ জুলাই: ৰাজ্যত এতিয়াও ভয়াৱহ হৈ আছে ক'ভিড (Covid 19) পৰিস্থিতি । সান্ধ্য আইন জাৰি কৰাৰ পাছতো সংক্ৰমণৰ হাৰ হ্ৰাস পোৱা নাই । ৰাজ্যত নগৰাঞ্চলৰ তুলনাত গ্ৰামাঞ্চলত ক'ভিড (Covid 19) সংক্ৰমণৰ হাৰ দ্ৰুত গতিত বৃদ্ধি পাইছে । ৰাজ্যৰ বিভিন্ন জিলাত সংক্ৰমণ ৰোধৰ উপায় হিচাপে এখনৰ পাছত আনখন গাঁৱক কণ্টেইনমেণ্ট জ'ন(Containment Zone) হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে ।
যোৰহাট জিলাতো অনুৰূপ পৰিস্থিতি । ইতিমধ্যে টীয়কৰ গ্ৰামাঞ্চলৰ ৯ টা অঞ্চল কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে । কিন্তু এই কণ্টেইনমেণ্ট জ'নসমূহত এতিয়া তীব্ৰ খাদ্য সংকটে দেখা দিছে । গাঁওবোৰৰ বাসিন্দাই বাহিৰলৈ ওলাই গৈ কাম কৰি প্ৰয়োজনীয় সামগ্ৰী ঘৰলৈ আনিব পৰা নাই ।
সেয়ে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ৰাইজ । টীয়কৰ উত্তৰ দুুলীয়া গাঁৱত কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰাৰ ৮ দিনৰ পাছতো চৰকাৰৰ তৰফৰ পৰা খাদ্য সামগ্ৰী যোগান নধৰাৰ অভিযোগ উত্থাপিত হৈছে ।