অসম

assam

ETV Bharat / state

Maghai Oja Award: লোকশিল্পী ৰামচৰণ ভৰালীক মঘাই ওজা বঁটা প্ৰদান - সাধাৰণ সম্পাদক শিৱ কলিতা

যোৰহাটত ত্ৰয়োদশ বাৰ্ষিক কেন্দ্ৰীয় মঘাই ওজা দিৱস (13th Annual Central Maghai Oja Day) পালন কৰা হয় ৷ ত্ৰয়োদশ বাৰ্ষিক কেন্দ্ৰীয় মঘাই ওজা দিৱস উপলক্ষে লোকশিল্পী ৰামচৰণ ভৰালীক গণশিল্পী মঘাই ওজা বঁটাৰে সন্মানিত কৰা হয় (Maghai Oja Award to Folk artist Ramcharan Bharali) ৷

Folk artist Ramcharan Bharali conferred With Maghai Oja Award
লোকশিল্পী ৰামচৰণ ভৰালীক মঘাই ওজা বঁটা প্ৰদান

By

Published : Mar 15, 2023, 10:16 PM IST

যোৰহাট, 15 মাৰ্চ: বুধবাৰে শিল্পী মঘাই ওজাৰ স্মৃতিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ (Asom Jatiyatabadi Yuva Chatra Parishad) যোৰহাট জিলা সমিতিৰ উদ্যোগত যোৰহাটত আড়ম্বৰপূর্ণভাৱে শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত ত্রয়োদশ বাৰ্ষিক কেন্দ্ৰীয় মঘাই ওজা দিৱস আৰু মঘাই ওজা বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰা হয় ৷ এই দিৱসৰ মুকলি সভাত লোকশিল্পী ৰামচৰণ ভৰালীক গণশিল্পী মঘাই ওজা বঁটা প্ৰদান কৰা হয় (Maghai Oja Award to Folk artist Ramcharan Bharali) ৷ এই বঁটাত আছে গামোচা, চেলেং, প্ৰশস্তি পত্ৰ, স্মাৰক, শৰাই, জাপি আৰু নগদ ৩৩ হাজাৰ টকা ।

লোকশিল্পী ৰামচৰণ ভৰালীয়ে এই বঁটা গ্ৰহণ কৰি নিজ ভাষণত কয় যে, গণশিল্পী মঘাই ওজাৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যি মঘাই ওজা দিৱস আৰু মঘাই ওজা বঁটা প্ৰদান কৰি আহিছে, ই অতি গুৰুত্বপূৰ্ণ। আৰু এনে এগৰাকী মহান শিল্পীৰ নামত প্ৰদান কৰা এই বঁটা লাভ কৰি মই অধিক আনন্দিত হৈছো । এই বঁটাই মোক অনাগত দিনত আৰু অধিক উৎসাহেৰে কলা সংস্কৃতিৰ ক্ষেত্ৰত কাম কৰি যোৱাত উৎসাহ যোগাব । এই মঘাই ওজা বঁটা যাতে দীৰ্ঘজীৱী হয় তাৰেই কামনা কৰিছোঁ ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইৰ (president Palash Sangma)সভাপতিত্বত অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ মুকলি সভাৰ উদ্বোধন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱাই । সভাখন উদ্বোধন কৰি দিয়া ভাষণত ৰাণা প্ৰতাপ বৰুৱাই কয় যে, গণশিল্পী মঘাই ওজা প্ৰকৃত মাটিৰ শিল্পী। অজস্ৰ ঘাট প্ৰতিঘাত নেওচি তেওঁ ঢোলটো কান্ধত লৈ ওৰেটো জীৱন অসমীয়া সমাজৰ কথা কৈছিল ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গণশিল্পী গৰাকীক সন্মান দিবৰ বাবে যথেষ্ট চেষ্টা অব্যাহত ৰাখিছে।

এই মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট লেখক, বুদ্ধিজীৱী ময়ূৰ বৰা। নিৰ্দিষ্ট বক্তাৰ ভাষণত ময়ূৰ বৰাই কয় যে, হেমাংগ বিশ্বাসে কৈছিল যে মঘাই ওজা তেওঁৰ শিল্পী জীৱনৰ সৰ্বশ্ৰেষ্ঠ আবিষ্কাৰ । সেই মঘাই ওজাই ঢোলটো কান্ধত লৈ সমাজ সংস্কাৰৰ চেষ্টা কৰিছিল । বিগত ১৩ বছৰে মঘাই ওজা দিৱস আৰু বঁটা প্ৰৱৰ্তন কৰি গণশিল্পী গৰাকীক প্ৰকৃত সন্মান প্ৰদান কৰি আহিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। যুৱ ছাত্ৰ পৰিষদে এক কথাত ক’বলৈ গ’লে মঘাই ওজাক নতুনকৈ আবিষ্কাৰ কৰিলে । ১৯৬০ চনত ভাষা আন্দোলনৰ সময়ত অসমীয়া বঙালীৰ মাজত বিভেদ অহাৰ সময়ত গণশিল্পী মঘাই ওজাই ঢোলটো কান্ধত লৈ সমন্বয়ৰ বাৰ্তা বিলাইছিল। সেইসময়ত মঘাই ওজাই যিখিনি কথা কৈছিল, সেইখিনি কথাৰ প্ৰাসংগিকতা আজিও আছে। কিন্তু এই গৰাকী মঘাই ওজাক চৰকাৰে যিমান সন্মান দিব লাগিছিল, সেই সন্মান আজিও তেওঁ নাপালে ।

মুকলি সভাত সভাপতিত্ব কৰি সভাপতিৰ ভাষণত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়ে কয় যে, অসম চৰকাৰে মঘাই ওজাৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ নকৰাটো অতি দুখৰ বিষয়। চৰকাৰে এশ কোটি টকা খৰচ কৰি বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লগতে গিনিজ বুকত স্থান দিবৰ বাবে প্ৰচেষ্টা হাতত লৈছে। তাত আমাৰ আপত্তি নাই। কিন্তু বিহুৰ অবিচ্ছেদ্য অংগ ঢোলটো কান্ধত লৈ জগত জিনাৰ প্ৰচেষ্টা চলোৱা গণশিল্পী মঘাই ওজাক সন্মান জনাবলৈ চৰকাৰৰ আহৰি নাই।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক শিৱ কলিতাই আঁত ধৰা অনুষ্ঠানত মঘাই ওজা বঁটাৰ দাতা কমল জালান, আটছাৰ সভাপতি ধীৰাজ গোৱালা, ঢুলীয়া শিল্পী মহেন্দ্ৰ চুতীয়া, ডঃ জয়ন্ত মাধব দত্ত প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে । আনহাতে আজিৰ সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক ছাত্ৰ দেৱজিত শইকীয়াক মঘাই ওজা শৈক্ষিক ন্যাস বঁটা প্ৰদান কৰা হয়। আনহাতে ইয়াৰ পূৰ্বে আজি পুৱা পতাকা উত্তোলন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিসদৰ সভাপতি পলাশ চাংমাইয়ে । শ্বহীদ তৰ্পণ কৰে পৰিষদৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঞিয়ে ।

গণশিল্পী মঘাই ওজাৰ সমাধি ক্ষেত্ৰত বন্তি প্ৰজ্বলন আৰু পুষ্পঞ্জলি অৰ্পণ কৰে ক্ৰমে বিশিষ্ট ঢুলীয়া শিল্পী বগাই বৰা ওজা আৰু পৰিষদৰ সাংস্কৃতিক সম্পাদক সুৰজ কলিতাই । আনহাতে যোৰহাট চহৰৰ মাজমজিয়াৰ সদৰ থানাৰ সমীপত অৱস্থিত মঘাই ওজাৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে ক্ৰমে নৰ্থ ইষ্টাৰ্ণ টি এছোচিয়েচনৰ অধ্যক্ষ কমল জালান, পৰিষদৰ জিলা সভাপতি প্ৰণৱ শইকীয়া আৰু সত্ৰীয়া সংস্কৃতিৰ সাধক যতীন্দ্র বৰাই।

লগতে পঢ়ক:Medical colleges in Assam: ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ১২খনলৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details