তিতাবৰ, 8 আগষ্ট: বাঁহীৰ সুৰ বেয়া পোৱা মানুহ চাগে নোলাব । বাঁহীৰ সুমধুৰ সুৰে মন-প্ৰাণ শাঁত পেলায় । সংগীতৰ সৈতে জড়িত লোকসকলে ভালদৰে অনুভৱ কৰিব পাৰে বাঁহীৰ প্ৰয়োজনীয়তা কিমান । এতিয়া এই শ্ৰুতিমধুৰ সুৰ তোলা বিভিন্ন ধৰণৰ বাঁহী নিৰ্মাণ কৰি স্বাৱলম্বী হোৱাৰ পথ বিচাৰি পাইছে তিতাবৰৰ মিলন নগৰৰ চন্দন শইকীয়াই ।
বাঁহেৰে তৈয়াৰ কৰা বিভিন্ন ধৰণৰ বাঁহী বিক্ৰী কৰি নিজৰ পৰিয়াল পোহপাল দিয়াৰ লগতে তেওঁ নৱপ্ৰজন্মকো জীৱিকাৰ অৰ্জনৰ বাট দেখুৱাবলৈ সক্ষম হৈছে । অসমীয়া সংস্কৃতিৰ উত্তৰণৰ স্বাৰ্থত তথা নৱ প্ৰজন্মক বাঁহীবাদনৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সম্প্ৰতি তিতাবৰৰ প্ৰায় ৩০ জনীয়া এটা দলক বাঁহীবাদনৰ প্ৰশিক্ষণ দি আছে চন্দন শইকীয়াই ।
অসমৰ জনপ্ৰিয় বাঁহীবাদক দীপক শৰ্মাকে ধৰি বহু শিল্পীয়ে চন্দন শইকীয়াই নিৰ্মাণ কৰা বাঁহীত সুৰৰ লহৰ তুলি খ্যাতি অৰ্জন কৰিছে । পঞ্চসুৰ প্ৰতিষ্ঠানেও তেওঁৰ শিল্পকৰ্মক স্বীকৃতি দিছে ।