যোৰহাট ৩০ আগষ্ট:ৰাজ্যত অব্যাহত আছে ভদীয়া বানৰ সংহাৰ ৷ উত্তৰ-পশ্চিম যোৰহাটত মহাবাহু ব্ৰহ্মপুত্ৰই কালৰূপ ধাৰণ কৰিছে ৷ মহাবাহুৰ বুকুত মাটি-ভেঁটি সকলো জাহ যোৱাৰ আশংকা কৰি ভৱিষ্যত জীৱনক লৈ অজান শংকাত ভুগিছে বৃহত্তৰ অঞ্চলবাসী ৰাইজ । বিগত কেইদিনমান আগতে ৮ নং স্পাৰ শৈলবান্ধৰ এটা অংশ ব্ৰহ্মপুত্ৰ কোৱাল সোঁতে উটুৱাই নিয়াৰ পিচত পুনৰ উক্ত বান্ধ মেৰামতি কৰা হৈছিল ৷ কিন্তু এইবাৰ ৮ নং স্পাৰ শৈলবান্ধৰ পৰা কেইমিটাৰমান আঁতৰত ব্ৰহ্মপুত্ৰই জটিল ৰূপ ধাৰণ কৰিছে ৷
ব্ৰহ্মপুত্ৰই এফালৰ পৰা খহাই নিছে বাসগৃহৰ লগতে আৰু কৃষি-ভূমি ৷ চকুৰ আগতেই ব্ৰহ্মপুত্ৰ বুকুত অতি হেঁপাহেৰে সজা ঘৰখন জাহ যোৱাত কেইবাটাও পৰিয়াল কান্দোনত ভাগি পৰিছে ৷ পিছে কোনে দিব এই দুৰ্ভগীয়া পৰিয়ালকেইটাক সান্তনা । এনেদৰে এদিন পাছত আনদিনা ব্ৰহ্মপুত্ৰত নিজৰ ভেঁটি-মাটি জাহ যোৱাৰ শংকাত অঞ্চলবাসী ৰাইজে জলসম্পদ বিভাগ আৰু যোৰহাট জিলা প্ৰশাসন ওপৰত ক্ষোভ উজাৰি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে ।