যোৰহাট, 14 জুলাই : ৰাজ্যত এফালে ক'ভিড-19 ৰ সংহাৰ আৰু আনফালে বানপানীয়ে জুৰুলা কৰিছে ৰাইজক ৷ ইতিমধ্যে বান পানীৰ কবলত পৰিছে ৰাজ্যৰ বহু কেইখন জিলা ৷ ৰাজ্য়ত বানৰ কবলত পৰিছে 27 জিলাৰ প্ৰায় 22 লক্ষাধিক বাসিন্দা ৷ নৈ-উপনৈ সমূহৰ জলপৃষ্ঠ বৃদ্ধি হৈ সৃষ্টি হোৱা বানপানীৰ বাবে বৰ্তমান বানাক্ৰান্ত ৰাইজে ওখ ভেটি বা মাথাউৰিত আশ্ৰয় ল'ব লগা হৈছে ৷
ৰাজ্যত বানৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ৰঞ্জিত দাসে সকলো দলীয়-কৰ্মচাৰীক একোজন যোদ্ধা হিচাপে প্ৰস্তুত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ সকলো সময়তে যাতে বানাক্ৰান্ত ৰাইজক সহায়ৰ হাত আগবঢ়াব পাৰে তাৰ বাবে দলীয় বিষয়া-কৰ্মচাৰীক সাজু হৈ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷