অসম

assam

By

Published : Jul 24, 2020, 6:01 PM IST

ETV Bharat / state

টীয়কত বানক্ৰান্তক সহায়ৰ বাবে 10 বিঘা মাটিত ধান খেতি বিজেপিৰ

বানাক্ৰান্ত সকলক সহায় কৰাৰ উদ্দেশ্যে শুকুৰবাৰে যোৰহাট জিলা বিজেপিৰ উদ্যোগত তথা জিলা কৃষি বিভাগ আৰু ৰাইজৰ সহযোগত টীয়কৰ ৰজাবাৰী অঞ্চলত প্ৰায় ১০ বিঘা মাটিত ধানৰ বীজ সিঁচা হয় ৷ জিলা সভাপতি কামাখ্যা মোহন দাসৰ লগতে জিলা তথা মণ্ডল পৰ্যায়ৰ কেইবাজনো দলীয় বিষয়ববীয়াৰ উপস্থিতিত আনুষ্ঠানিকভাৱে সিঁচা হয় আৰু এই বীজৰ কঠিয়াই অনাগত দিনত বানাক্ৰান্ত কৃষক সকলক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে ।

FLOOD AFFECTED PEOPLE HELPS IN JORHAT TEOK
টীয়কত বানক্ৰান্তক সহায়ৰ বাবে 10 বিঘা মাটিত ধান খেতি বিজেপিৰ

টীয়ক, 24 জুলাই :ৰাজ্যত ক'ভিড-19ৰ ত্ৰাস চলি থকাৰ সময়তে ৰাজ্যত সৃষ্টি হোৱা প্ৰলয়ংকৰী বানে তচনচ কৰিছে ৰাজ্যবাসীক ৷ শেহতীয়াভাৱে বানত ব্যাপকভাৱে প্ৰভাৱিত হৈছে ৰাজ্যৰ 74 টা ৰাজহ চক্ৰৰ মুঠ 2,634 খন গাঁও ৷ শুকুৰবাৰলৈ বানত মৃত্যু হোৱা লোকৰ সংখ্য়া 93 জনলৈ বৃদ্ধি হৈছে ৷ ৰাজ্যৰ প্ৰলয়ংকৰী বানত জাহ গৈছে শ শ বিঘা কৃষিভূমি ৷ বানাক্ৰান্ত ৰাইজে ঘৰ-মাটি এৰি ওখ ভেটি আৰু মথাউৰিত বসবাস কৰিছে ৷

টীয়কত বানক্ৰান্তক সহায়ৰ বাবে 10 বিঘা মাটিত ধান খেতি বিজেপিৰ

বানাক্ৰান্ত সকলক পৰৱৰ্তী সময়ত সহায় কৰাৰ উদ্দেশ্যে শুকুৰবাৰে যোৰহাট জিলা বিজেপিৰ উদ্যোগত তথা জিলা কৃষি বিভাগ আৰু ৰাইজৰ সহযোগত টীয়কৰ ৰজাবাৰী অঞ্চলত প্ৰায় ১০ বিঘা মাটিত ধানৰ বীজ সিঁচা হয় ৷ জিলা সভাপতি কামাখ্যা মোহন দাসৰ লগতে জিলা তথা মণ্ডল পৰ্যায়ৰ কেইবাজনো দলীয় বিষয়ববীয়াৰ উপস্থিতিত আনুষ্ঠানিকভাৱে ধানৰ বীজ সিঁচা হয় আৰু এই বীজৰ কঠিয়াই অনাগত দিনত বানাক্ৰান্ত কৃষক সকলক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে ।

উল্লেখ্য যে,ৰাজ্যৰ এই জটিল সময়ত আৰ্তজনক সহায়ৰ বাবে বিজেপিৰ এই পদক্ষেপক শলাগিছে অঞ্চলবাসী ৰাইজে ৷

লগতে পঢ়ক : ৰাজ্যৰ দুই বানাক্ৰান্ত অঞ্চলৰ বিপৰীতধৰ্মী ছবি

For All Latest Updates

ABOUT THE AUTHOR

...view details