অসম

assam

ETV Bharat / state

যোৰহাটত উপস্থিত দিল্লীৰ পৰা বিশেষ বাইকাৰৰ দল - Jorhat administration welcomed bike rally

স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগতে সংগতি ৰাখি যোৱা ৯ ছেপ্টেম্বৰত নতুন দিল্লীৰ মেজৰ ধ্যানচান্দ ষ্টেডিয়ামৰ পৰা উলিওৱা হৈছিল এক বিশাল বাইক ৰেলী (Azadi Ka Amrit Mahotsav special Bike rally)। ১২০ গৰাকী বাইকাৰে অংশগ্ৰহণ কৰা এই ৰেলী শুকুৰবাৰে আহি উপস্থিত হয় যোৰহাটত । জিলা উপায়ুক্তৰ নেতৃত্বত প্ৰশাসন আৰু বিভিন্ন সংগঠনে বাইক ৰেলীটোক আদৰণি জনায় ।

Azadi ka Amrit Mahotsav
যোৰহাটত উপস্থিত দিল্লীৰ পৰা বিশেষ বাইকাৰৰ দল

By

Published : Oct 8, 2022, 9:12 PM IST

যোৰহাট,৮ অক্টোবৰ :স্বাধীনতাৰ অমৃত মহোৎসৱৰ (Azadi ka Amrit Mahotsav) লগত সংগতি ৰাখি দিল্লীৰ পৰা আৰম্ভ কৰা এক বাইক ৰেলী শুকুৰবাৰে সন্ধিয়া আহি যোৰহাটত উপস্থিত হয় । ফিট ইণ্ডিয়া ফ্ৰিড'ম ৰাইডাৰ বাইক ৰেলীটো সন্ধিয়া ৫.১৫ বজাত নিমাতীঘাটৰ পৰা আৰক্ষীৰ বিশেষ স্কোৱাডে আদৰি লয় (FIT India Freedom Rider Bike Rally)। আনহাতে গান্ধী পাৰ্কত জিলা উপাযুক্ত অশোক কুমাৰ বৰ্মনে বাইক আৰোহীৰ দলটোক আদৰণি জনায় ।

উল্লেখ্য যে যোৱা ৯ ছেপ্টেম্বৰত নতুন দিল্লীৰ মেজৰ ধ্যানচান্দ ষ্টেডিয়ামৰ পৰা গৃহ মন্ত্ৰী অমিত শ্বাহে ফ্লেগ অফ কৰিছিল এই বাইক ৰেলীটো । এই ৰেলীত ৭৫ খন বাইকত মুঠ ১২০ গৰাকী ৰাইডাৰে ৭৫ দিনীয়া ভ্ৰমণ কৰিব । উক্ত সময়ত এই ৰেলী ২৫০ খনতকৈও অধিক জিলাৰ মাজেৰে পাৰ হ'ব, ১৮ হাজাৰ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব । দেশৰ ৩৪ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল স্পৰ্শ কৰি ৬ খন আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভ্ৰমণ কৰিব উক্ত বাইক ৰেলীটোৱে ।

এই ৰেলীত ৬ গৰাকী মহিলাইও অংশগ্ৰহণ কৰিছে । শুকুৰবাৰে দলটো যোৰহাটত উপস্থিত হোৱাৰ লগে লগে স্থানীয় যুৱক-যুৱতীসকলৰ মাজত উৎসাহ-উদ্দীপনা দেখিবলৈ পোৱা যায় । আদৰণি অনুষ্ঠানত ইফালে নেহৰু যুৱ কেন্দ্ৰ সংগঠনৰ সদস্যসকলৰ লগতে জিলা ক্ৰীড়া সন্থাৰ চৰকাৰী চিকিৎসা দলটোও উপস্থিত থাকে (Jorhat administration welcomed bike rally)।

যোৰহাটত উপস্থিত দিল্লীৰ পৰা বিশেষ বাইকাৰৰ দল

শনিবাৰে পুৱা সকলো বাইকাৰে যোৰহাটৰ গান্ধী পাৰ্কত সমবেত হৈ জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পাছতে জিলা উপাযুক্ত অশোক কুমাৰ বৰ্মনে বাইক ৰেলীৰ নাগালেণ্ড অভিমুখী যাত্ৰাৰ ফ্লেগ অফ কৰে । ৰেলীটোৱে ৭৫ দিন ভাৰত ভ্ৰমণ কৰাৰ পাছত ২৫ নৱেম্বৰত পুনৰ দিল্লীত উপস্থিত হোৱাৰ লক্ষ্য স্থিৰ কৰিছে ।

লগতে পঢ়ক :তেজস্বিতাৰ মৃত্যুৰ পাছতে মাজুলীলৈ আহিল ৩খন নতুন এম্বুলেন্স

ABOUT THE AUTHOR

...view details