যোৰহাট, 26 জুন :নিমাতী ঘাটত সংঘটিত হ’ল এক শোকাৱহ ঘটনা ৷ মহাবাহুত মাছ মাৰিবলৈ গৈ মৃত্যু মুখত পৰিল এজন মাছমৰীয়া ৷ যোৰহাট নিমাতীঘাটত মাছ মাৰিবলৈ গৈ ব্ৰহ্মপুত্ৰৰ বুকুত সলিল সমাধি ঘটিল এজন মাছমৰীয়াৰ ।
প্ৰাপ্ত খবৰ অনুসৰি পুৱাৰ ভাগতে নিমাতীঘাটত ব্ৰহ্মপুত্ৰত জাল পাতিবলৈ ওলাই গৈছিল মাছমৰীয়াজন ৷ সেই ওলাই যোৱা বাটে আকৌ পুনৰ ঘৰলৈ ঘূৰি নাহিল মাছমৰীয়াজন ৷ ব্ৰহ্মপুত্ৰ বুকুত পৰি মৃত্যুক আঁকোৱালি ল’লে মাছমৰীয়াজনে ৷ ব্যক্তিজনক বাবুল দাস (৫৫) বুলি ইতিমধ্যে চিনাক্ত কৰিব পৰা গৈছে ।
মৃত বাবুল দাসৰ প্ৰকৃত ঘৰ নিমাতীৰ ভিতৰৰ ককিলা কৈৱৰ্ত গাঁৱত বুলি জানিব পৰা গৈছে । বৰ্তমান আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ।