তিতাবৰ,6 ছেপ্টেম্বৰ: ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত যোৰহাট জিলাৰ তিতাবৰত আৰম্ভ হৈছে অভিলাষী সূতা বেংক প্ৰকল্প ৷ ৰাজ্যৰ ভিতৰতে পোনপ্ৰথম বাৰৰ বাবে স্থাপন হোৱা এই সূতা বেংকটোৰ জড়িয়তে এতিয়াৰে পৰা উপকৃত হ'ব ৰাজ্যৰ লাখ লাখ শিপিনী ৷ সোমবাৰে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে শুভ উদ্বোধন কৰে এই অভিলাষী সূতা বেংক প্ৰকল্প ৷ তিতাবৰৰ ধলিস্থিত ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ মূখ্য কাৰ্যালয়ত অনুস্থিত হয় এই উদ্বোধনী অনুষ্ঠান ৷
উদ্বোধনী অনুষ্ঠানটোত শিক্ষামন্ত্ৰী গৰাকীৰ ওপৰিও স্থানীয় বিধায়ক ভাষ্কৰ বৰুৱা, পৰিষদৰ মূখ্য কাৰ্য্যবাহী কুমুদ কছাৰী আৰু আন পাৰিষদবৰ্গও উপস্থিত থাকে ৷ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ সূতা বেংক আৰু ইয়াৰ পৰিচালন প্ৰক্ৰিয়া প্ৰতক্ষ্য কৰি অভিভূত হৈ পৰে ৷ উল্লেখযোগ্য যে, সূতা বেংকৰ জড়িয়তে পৰিষদে ৰাজ্যৰ শিপিনীসকলক একাউন্টৰ দ্বাৰা সূতা যোগানৰ এক অভিলাষী পদক্ষেপ গ্ৰহণ কৰিছে ৷