গুৱাহাটী, 12ডিচেম্বৰ: জৈৱিক চাহৰ (Organic Tea) দিশত অসম কৃষি বিশ্ববিদ্যালয়ৰ(Assam agriculture University) ষ্টাৰ্ট আপ ‘এছাহ টি’ ৰ বৃহৎ সাফল্য । আবুধাবিৰ আন্তঃৰাষ্ট্ৰীয় খাদ্য প্ৰদৰ্শনীত (Abu dhabi international food exhibition) বিশ্বৰ প্ৰথমটো জৈৱিকভাৱে প্ৰমাণিত কপাহী চাহৰ বেগ মুকলি কৰা হয় । জৈৱিক টি বেগৰ জৰিয়তে ‘এছাহ টি’য়ে (Esah tea) নতুন মাত্ৰা দিব জৈৱিক চাহক ।
জৈৱিক চাহৰ চাহিদা দ্ৰুত গতিত বৃদ্ধি পাই অহাৰ সময়তে মাইক্ৰ'প্লাষ্টিক মুক্ত চাহৰ বেগ উদ্ভাৱন কৰি ইয়াৰ জৰিয়তে অসমৰ চাহক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নতুন ৰূপত উপস্থাপন কৰাৰ বাবে আগবাঢ়িছে এজন অসমীয়া । যথোচিত চাহিদা থকাৰ পাচতো যিকোনো জৈৱিক টি বেগতে উপলব্ধ হোৱা মাইক্ৰ’প্লাষ্টিক আৰু নেন’ প্লাষ্টিকে মানৱ শৰীৰৰ ক্ষতি কৰিব পৰা সম্ভাৱনীয়তাৰ বাবে জৈৱিক চাহৰ প্ৰসাৰ আৰু বিপণনৰ দিশত বহু সময়ত অসুবিধাৰ সৃষ্টি হৈ আহিছে ।
এনে সময়তে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ (Jorhat agriculture university) কৃষি প্ৰযুক্তি উস্মায়ক কেন্দ্ৰ (নীতি হাব)ৰ ষ্টাৰ্ট আপ ‘এছাহ টি’য়ে সম্পূৰ্ণ জৈৱিক টি বেগৰ জৰিয়তে এই দিশত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । অসমীয়া যুৱ উদ্যাগী বিজিত শৰ্মাই প্ৰতিষ্ঠা কৰা ‘এছাহ টি’ ৰ এই টি বেগ দেওবাৰে সামৰণি পৰা আবুধাবিৰ আন্তঃৰাষ্ট্ৰীয় খাদ্য প্ৰদৰ্শনীত মুকলি কৰা হয় ।
উল্লেখ্য যে, এই টি বেগ বিশ্বৰ প্ৰথমটো নাইট্ৰ’জেন ফ্লাছ কৰা জৈৱিকভাৱে প্ৰমাণিত কপাহী চাহৰ বেগ (Cotton Tea Bag) । লগতে এই আন্তঃৰাষ্ট্ৰীয় খাদ্য প্ৰদৰ্শনীতে চাহ বেগৰ উপৰিও এই ষ্টাৰ্ট আপে মুকলি কৰিছে বিভিন্ন চাহৰ জাত ৷ বিশেষকৈ চাহৰ দ্ৰুত চাহিদা আৰু জনপ্ৰিয়তাৰ বাবে বজাৰ দখলৰ প্ৰতিযোগিতাত কোম্পানীসমূহে চাহ বেগৰ চাহিদা বৃদ্ধি পোৱাৰ লগে লগে নাইলন বা পলিমাৰ ভিত্তিক সামগ্ৰী বেছিভাগ ব্ৰেণ্ডে ব্যৱহাৰ কৰাটো অধিক বৃদ্ধি পাইছে । যিটো টি বেগ গৰম পানীত ডুবাই দিলে স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক ৷