লক্ষ্মী পূজাৰ দিনা যোৰহাটত অগ্নিকাণ্ড - অগ্নিকাণ্ডৰ ঘটনা
যোৰহাটৰ চৰ্দাৰ আলিত অগ্নিকাণ্ড ৷ জুইত জাহ গ'ল প্ৰায় ৫ লাখ টকাৰ সামগ্রী সহ এখন গেলামালৰ দোকান।
![লক্ষ্মী পূজাৰ দিনা যোৰহাটত অগ্নিকাণ্ড](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4745012-thumbnail-3x2-ll.jpg)
যোৰহাট, 14 অক্টোবৰ:লক্ষ্মী পূজাৰ নিশা যোৰহাটত সংঘটিত হ'ল অগ্নিকাণ্ডৰ ঘটনা। জুইত জাহ গ'ল প্ৰায় ৫ লাখ টকাৰ সামগ্রীসহ এখন গেলামালৰ দোকান। ঘটনাৰ বিৱৰণী অনুসৰি যোৰহাট নগৰৰ পাৰ্শ্বৱৰ্তী চৰ্দাৰ আলিত অৱস্থিত ডম্বৰু গগৈ নামৰ ব্যক্তিজনৰ গেলামালৰ দোকানখনত মাজনিশা চৰ্ট চাৰ্কিটৰ ফলত অগ্নি সংযোগ ঘটে ৷ অগ্নিকাণ্ডত দোকানসহ প্ৰায় ৫ লাখ টকাৰ সামগ্রী ভষ্মীভূত হয়। পৰৱৰ্তি সময়ত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপন কৰে। উল্লেখ্য যে অগ্নিকাণ্ডৰ সময়ত ডম্বৰু গগৈ পৰিয়াল সহ ওচৰতে অনুষ্ঠিত হোৱা ভাওনা চাবলৈ গৈছিল। বৈদ্যুতিক বিসংগতিৰ বাবেই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে যদিও বৰ্তমানেও প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।